পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ভেকো-ভাওনা
ভোক
২১৮


সিহঁতে এই কথাত তেওঁক মাথোন ইতিকিং কৰিলে। তেওঁ দেশখন এৰিবলৈ খোজ লওঁতেই সমস্ত দেশ টলবলকৈ কঁপিবলৈ ধৰিলে। প্ৰজাবিলাক ভয়ত বিহ্বল হল। ভেকো-ককাক সেই দেশতে থাকিবলৈ কাবৌ-কোকালি কৰিবলৈ ধৰিলে। তেনেকুৱা পাপময় দেশত থকা উচিত বিবেচনা নকৰি, ভেকো-ককাই যাবলৈ ধৰিলে। তেওঁৰ পিঠিৰ পাচতে এফালৰপৰ দেশখন তললৈ বহি যাবলৈ ধৰিলে। তেতিয়া ঘোৰ পাপীবিলাক মৰিল। বাকিবিলাকে “ভেকো-ককা মোকো নিয়া” “ভেকো ককা মোকো নিয়া,” বুলি আটাহ পাৰিবলৈ ধৰিলে। ভেকো-ককাই সেইবিলাকক লগতে লৈ গৈ আন এখন ঠাইত বসতি কৰিলে। সেই দেশত গৈ সকলো মানুহে ধৰ্ম্মজীৱন ধাৰণ কৰি সুখ আৰু শান্তিৰে কাল যাপন কৰিলে। এতেকে,—অসংখ্য পাপীৰ মাজত অকলশৰীয়া ধৰ্ম্মিষ্ঠ পুৰুষ, a soli- tary pious all among a host of sinners.

ভেকো-ভাওনা—বিং, [ ভেকৰ ভাৱনা ] ভেকুলীয়ে ভাৱনা পাতিলে সি দেখিবলৈ হাঁহি-উঠা হয়। এতেকে,—ধেমেলীয়া ভাৱনা; তাৰপৰ—আপচু কাৰ্য্য, ব্যঙ্গাৰ্থসূচক কাৰ্য্য, a farcical play; hence, anything slovenly or ridiculous.

ভেট-গুটি লৰা—বিং ভেটৰ গুটি নিচেই সৰু। এতেকে,—নিচেই সৰু লৰা, an infant.

ভেৰ-পেটী মোৱা–বিং, ভেৰ অৰ্থাৎ নাড়ী আদিৰে পূৰ্ণ যাৰ পেট তেনেকুৱা মোৱা মাছ। এতেকে,—অপদাৰ্থ মানুহ, a worthless fellow, a person of no consequence or importance.

ভো পণ্ডিত—বিং, [ ভোভোৱাই ফুৰা পণ্ডিত] (সংস্কৃত অব্যয় 'ভো’ শব্দলৈ চকু ৰাখি এই বাক্য গঠিত হৈছে। ) (শ্ৰেষ্ঠ পণ্ডিত) (বিদ্ৰূপ ), an eminent scholar, (used ironically).

ভো বামুণ— বিং, [ ভোভোৱাই ফুৰা বামুণ ] (সংস্কৃত অব্যয় 'ভো’ শব্দলৈ চকু ৰাখি এই বাক্য গঠিত হৈছে। ) সদাচাৰী বামুণ, (বিদ্ৰূপ), a rigid Brahmin, (used ironically).

ভোক চৰি যোৱা—ক্ৰি, [ ভোকৰ পৰ চৰি যোৱা ] ভোকৰ সময় অতীত হোৱা, the passing away of the proper time of satisfy.