পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৯৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ফুটুকাৰ
বকৰাণীৰ
১৮৩

পৰা, to be doubly injured.

ফুটুকাৰ ফেন—বিং , ফুটুকা গছৰ ডাল কাটিলে সোপ-সোপে ফেন ওলায়। অসাৰ বস্তু বুজাবলৈ ‘ফেন’ শব্দ ব্যবহৃত হয়। এতেকে,—সমূলি অসাৰুৱা বস্তু বা কাৰ্য্য anything unsubstantial.

ফুফু-ফাফা কৰা—ক্ৰি,। ফুহ্ ফুহ্ ফাহ্ ফাহ্, কৰা] ইটোৱে সিটোৱে লোকে নুশুনাকৈ কথা পাতিলে দূৰৰপৰা ফুহ্ ফুহ্, ফাহ্ ফাহ্ এনে ৰকমৰ অস্পষ্ট ভাষা মাথোন শুনিবলৈ পোৱা যায়। কোনো মানুহৰ বদনাম প্ৰকাশ কৰিবলৈ এই দৰে মনে মনে কথা পতা হয়। এতেকে,—কণাকণিকৈ বদনাম প্ৰকাশ কৰা, to speak in whis- per about a scandalous matter.

ফুল বস্তু—বিং, ফুল শুচি বস্তু। যদিও তাক হীন জাতৰ মানুহে ছোৱে আৰু যদিও তাৰ বেয়া ঠাইত জন্ম হয়, তথাপি তাক নিৰ্দ্দোষ বুলি ধৰা হয়। এতেক,—ফুলৰ নিচিনা নিৰ্দ্দোষ বস্তু, anything which is harmless by nature.

ফুলতে বাৰী—বিং, ( ফুলৰ কলিতে বাঁৰী ] বিয়াৰ পিচৰ প্ৰথম অৱস্থাতে বাৰী, a green widow.

ফেদেলী পুৰাণ—বিং, পুৰাণত গল্প থাকে। (ফেদেলী=নানা প্ৰকাৰ বিশৃঙ্খল গল্পযুক্ত। ) এতেকে,— নানা প্ৰকাৰ বিশৃঙ্খল কথা, a rambling statement.

ব।

বাঁহৰ টকা—বিণ, 'বাঁহৰ টকাই টেক-টেক-কৰে মাতে। এতেকে,—টেক্ -টেকী মাতৰ মানুহ, কোঢ়াল কৰি থকা মানুহ, a noisy person.

বকৰাণীৰ জীৱ—বিং, কোনো লোকে পুৰ্ব্ব-জন্মত ভাল ঠাইও থাকিলে এই