পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পনিয়াল-পিটিকা
পৰ্কিতি
১৬৬

ফুৰা মানুহ, a too frequent visitor to other people's homes,

পনিয়াল-পিটিকা দিয়া—ক্ৰি, পনিয়াল ফল হাতেৰে বৰকৈ পিটিকা হয়। তেনে কৰিলে হে সি থুলথুলীয়া হৈ খোৱাৰ উপযুক্ত হয়। এতেকে,— বৰকৈ পিটিকা-মোচৰা কৰা , to squeeze thoroughly.

পৰ-পালি দিয়া—ক্ৰি, নৰিয়া টান হলে পাল বাটি পৰ দিব লাগে। এতেকে,— টানকৈ নৰিয়া পৰা, to be in a precarious condition

পৰ পালি দিয়া—বিণ, নৰিয়া টান হ-লে পৰপালি দিব লাগে। তেনেকুৱা ৰোগী বৰকৈ ক্ষীণায়। এতেকে অতি ক্ষীণ, too weak.

পৰত কৰিলে ঘৰত মিলা--ক্ৰি, পৰত কোনো অপকাৰ কৰিলে নিজৰ ঘৰত অদনুৰূপ অপকাৰ হোৱা, the happening of evil to some one of a family similar to the evil which has been caused by him to some one else of another family.

পৰৰ পালে জ্বৰৰ গাৰে খোৱা—-ক্ৰি, গাত জ্বৰ থাকিলে আহাৰ কৰাটো নিষিদ্ধ। কিন্তু পাৰে যদি আহাৰ যোগায়, তেন্তে জ্বৰৰ গাৰেও তাক খাবলৈ সঙ্কোচ কৰা নহয়, এই ভাব বুজোৱা হৈছে। এতেকে,—পৰৰ ধন ব্যয় কৰিবলৈ অলপো সঙ্কোচ নকৰা, to spend another’s money with a light heart.

পৰৰ মূৰত খোৱা, ভটীয়া নাওত যোৱা—-ক্ৰি, ভটীয়া নাওত গলে নাও বাবলৈ যত্ন কৰিব নালাগে, সোঁতে নাও এনেই উটাই লৈ যায়। পৰৰ মূৰত অৰ্থাৎ পৰৰ উপাৰ্জ্জনৰ ওপৰত খালেও সেইৰূপে যত্নৰ আৱশ্যকতা নাথাকে। 'পৰৰ মূৰত খোৱা’ আৰু ’ভটীয়া নাওত যোৱা’ এই দুই কাৰ্য্য সমানে সুখকৰ, এই ভাব বুজোৱা হৈছে। এতেকে,— পৰৰ উপাৰ্জ্জনৰ ওপৰত সুখ-স্বচ্ছন্দভাৱে জীৱন যাত্ৰা নিৰ্ব্বাহ কৰা, to lead an easy comfortable life at the expense of another.

পৰ দেশত মৰ ভেশ ধৰা—ক্ৰি, পৰ দেশত মৰাৰ ভেশ ধৰি অৰ্থাৎ কাৰো সৈতে দন্দ্ব কাজিয়া নপতা, to live in amity with every one in a foreign land.

পৰ্কিতি লৰা—ক্ৰি, [ প্ৰকৃতি লৰা ] প্ৰকৃতি লৰ হোৱা, স্বভাৱ বিকৃত হোৱা,

to be changed for the worse in nature, temperament,