পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
নিজৰ
১৫৯

নিজৰ ভৰিত নিলে কুঠাৰ মৰা—ক্ৰি, গছ কাঁটোতে অকস্মাৎ কুঠাৰ লৈ নিজৰ ভৰিতে লাগে। সেই কাৰ্য্য অনিচ্ছাবশতঃ হয়। এই স্থলত কোৱা হৈছে যে, ইচ্ছা কৰি নিজে নিজৰ কুঠাৰ মাৰে। এতেকে,— নিজে নিজৰ অমঙ্গল আচৰা , নিজৰ কাৰ্য্যৰ দ্বাৰা স্বাৰ্থহানি কৰা, to act against one's own interest to pursue a suicidal policy.

নিচালে মৰা—-ক্ৰি, থিয় হৈ থাকোঁতে মানুহৰ গাত বজ্ৰপাত হলে সি সেই ভাবেই ঢাল নোখাৱাকৈ থিয়ৈ থিয়ৈ মৰে। এতেকে,— বিষম বিপদ- গ্ৰস্ত হোৱা, to be struck down instantly by a dire calamity.

নিধনীৰ ধন—বিং, নিধনীয়ে ধন পালে সেই ধন তাৰ অতি আদৰৰ বস্তু হয়। এতেকে,—অতি আদৰৰ বস্তু, a dearly beloved thing.

নিন্দিলে বন্দিবলৈ পোৱা—ক্ৰি, [ আগে নিন্দিলে পাচে বন্দিবলৈ পোৱা] কোনো মানুহক এসময়ত নিন্দা কৰিলে পাচত সেই মানুহকে বন্দিবলগীয়া হোৱা অৰ্থাৎ কোনো বিষয়ে তেওঁতে প্ৰাৰ্থিত হব লগা হোৱা, to have to bow to one who is held in contempt

নিবুকা গৰু—বিং, গৰুৱে মাতিব নোৱাৰে কিন্তু সি অভক্ষ্য (বি) ভক্ষণ কৰে। মুখেৰে বৰকৈ নমতা কিন্তু, কামেৰে অনাচাৰ কৰি ফুৰা মানুহক গৰুৰে তুলনা কৰা হৈছে। এতেকে,—অল্পভাষী অনাচাৰী মানুহ। a grave-looking wicked person,

নিবুকা চামন—বিং, চামন দেওৱে গাত লম্ভিলে মানুহ নিবুকা অৰ্থাৎ মাতিব নোৱৰা হয়। এতেকে,— বৰকৈ কথা-বতৰা নোকোৱা মানুহ, অল্পভাষী মানুহ, a person who talks too little.

নিবুকীয়ে গাওঁ ভঙ্গা—ক্ৰি, যি তিৰোতা নিবুকী অৰ্থাৎ যি মানুহেৰে বৰকৈ মাত- বোল কৰি নুফুৰে, তেনে তিৰোতাই গাওঁ ভাঙ্গে, অৰ্থাৎ তলে তলে তেনে তিৰোতাই এনে ভয়ানক দুষ্কৰ্ম্ম কৰে যে, গোটেই গাঁওৰ মানুহ জলৰ-জপৰ হৈ থাকি, গাওঁ এৰি যাব লগীয়া অৱস্থা পায় গৈ। এতেকে,—-বাহিৰে যাক অতি শান্ত যেন দেখা যায় ভিতৰে তেনে মানুহে ঘোৰ দুষ্কাৰ্য্য কৰা , the doing of the worst crime secretly by a person who is known outwardly to be the most