পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তেলিয়াই
তৌবা
১৩৪


বেয়া হোৱা সত্ত্বেও বেয়া বুলি নোকোৱা, not to admit misfor tune though afflicted with misfortune as a matter of fact.

তেলীয়াই তেল পোলোৱা, কপহুৱাই পেট পেটোৱা—ক্ৰি, ( সাধুকথা) তেলীয়াই তেলৰ ভাৰ পৰি যোৱাত কান্দিবলৈ ধৰিলে। কপহুৱাই ফাকটি জুৰি সহানুভূতিপ্ৰকাশ কৰাৰ ভাৱেৰে লগতে এপোনে কান্দিবলৈ ধৰিলে, আন পোনে কপাহবিলাক তেলত পেলাই লেটপেটাই ললে। তেলীয়াই কান্দি-কাটি গুচি গল, কপহুয়াই তেলখোৱা কপাহ লৈ নিজৰ ঘৰ পালে গৈ। নিজ ঘৰত কপাহ চেপি আটাইখিনি তেল উলিয়াই ললে। এতেকে,—পৰৰ দুখ পতিওৱাৰ চলেৰে স্বাৰ্থসিদ্ধি কৰা, to serve one's ends under a pretence of express- ing sympathy with another in distress.

তেলে ধৰা—ক্ৰি, (তেল= চৰ্ব্বি। ) চৰ্ব্বি বাঢ়িলে মানুহ বা জন্তুৰ ফুৰ্ত্তি বেচি হয়। এতেকে,—বেচি ফুৰ্ত্তি হোৱা, to be full of life and vigour.

তোম বান্ধি উটাই দিয়া—ক্ৰি, [ তোমত বান্ধি নৈত উটাই দিয়া ] নৰ-বধীয়ে মানুহক বধ কৰি ডোখৰ-ডোখৰকৈ কাটি তোমত ভৰাই নৈত উটাই দিয়ে, যাতে চিন-ছাব নথকা হৈ তাৰ ধৰা পৰিবৰ আশঙ্কা নাথাকে। এতেকে,—উগ্ৰ দণ্ড দিয়া, to punish severely.

তৌবা তৌবা দেখুওৱা—ক্ৰি, ‘তৌবা’ মুছলমানী শব্দ। কোনো বিপৰীত ঘটনা দেখিলে মুছলমানে ‘তৌবা’ শব্দ উচ্চাৰণ কৰে। এই স্থলত, এনেকুৱা বিপৰীত ঘটনা দেখুওৱা হয় বোলা হৈছে যে মানুহ জনে ’তৌবা’ ‘তৌবা’ কৰিব লগাত পৰে। এতেকে,—বিপৰীত ঘটনা দেখুওৱা অৰ্থাৎ গুৰুতৰ ভাবে অহিত আচৰণ কৰা, to harm a person seriously.