পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তিথিৰ
তিনি
১৩০


বহু বেলিলৈকে তিতা হৈ থকাত আহুকাল লাগে। এতেকে,—বৰকৈ আহুকাল লগা, to feel exeedingly disgusted.

তিথিৰ মুৰত পানী চলু দিয়া—ক্ৰি, শৰাধ-আদি সকাম তিথি অনুযায়ী কৰা হয়। তিথিৰ মুৰত অৰ্থাৎ যি তিথিত সকাম হব লাগে, সেই তিথিত সকাম কৰিব লাগে। পানী চলু দিয়া =জলাঞ্জলী দিয়া। জলাঞ্জলীৰ দ্বাৰা আত্মাৰ সদগতি হয় বুলি কয়। মানুহৰ বিকাৰ হলে মূৰত পানী দিয়া হয়। এই স্থলত আত্মাৰ বিকাৰৰ বাবে তিথিৰ মূৰত পানী দিয়া হয়, এনে ভাব বুজোৱা হয়। এতেকে,—মৃত হন্তে নিৰ্দ্ধাৰিত কালত জলাঞ্জলী দিয়া, to observe funeral ceremonies on due dates as enjoined by the shastra.

তিন-দিনিয়া গা-মূৰ ধোৱা— ক্ৰি, তিৰোতাৰ ঋতু হতে তিন দিনৰ মুৰত গা আৰু মূৰ ধোৱে। সাধাৰণতে গা ধোওঁতে তিৰোতাবিলাকে মূৰ নিতিয়ায়, কিয়নো খোপাৰ চুলি সদাই তিঁয়ালে পচি যায়, কিন্তু ঋতু-স্নানৰ সময়ত মূৰ তিয়াই দিয়ে। এতেকে,—ঋতু-স্নান কৰা, to take purificatory bath on the third day after the monthly menstrual flow.

তিনি গধুলি—বিং, [ তিনি বেলাৰ বেলি গধুলি ] প্ৰথম বেলা ৰাতিপুৱা, দ্বিতীয় বেলা দুপৰীয়া, আৰু তৃতীয় বেলা গধুলি। এতেকে,—সন্ধিৰ সময়, evening.

তিনি টিলিকি মৰা—ক্ৰি, মনত আনন্দ হলে মানুহে টিলিকি মাৰে। এই স্থলত তিনি বাৰ টিলিকি মাৰে বোলা হৈছে। এতেকে,—আনন্দত উত্ৰাৱল হোৱা, to be too much excited with pleasurable emotions.

তিনি টেলেঙ্গনি খোৱা—ক্ৰি, [ তিনি ঠেলনি খোৱা ] অৰপৰা তলৈ তিনি বাৰ ঠেলা খোৱা অৰ্থাৎ বিপদত জৰ্জ্জৰিত হোৱা, to be dashed about from post to pillar.

তিনি তলকতে—ক্ৰি-বিণ, [ তিনি তিলতে ] ( তলকতে=তিলেকতে। ) তিনি তিল পৰিমিত সময়তে অৰ্থাৎ , তুৰন্তে immediately.

তিনি তেলনি মাৰি খোৱা—-ক্ৰি, [ তিনি দিনত তেলনি মাৰি খোৱা ] শ্ৰেণীৰ মানুহে মানুহ মৰিলে তিন দিন তেল নাখায়। তাৰ পাছত