পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ডেকা
ঢেকুৰা
১২৪


thing picked up near at hand.

ডেকা কহে যোৱা—ক্ৰি, [ ডেকা-কালে যোৱা ] ডেকা-কালতে মৃত্যুগামী হোৱা, to die prematurely.

ডোম চোৰ—বিং, (ডোম =জালোৱা ডোম। ) ডোমে চুটীয়া নাওৱেৰে জাল বাবলৈ যাওঁতে বালিত, খাটত বা পাৰত থকা মানুহৰ ধন বস্তু চুৰ কৰি নাও মেলি গুচি যায়। তেনে স্থলত চোৰ ধৰা নপৰে। এতেকে,— টেঙ্গৰ চোৰ, ধৰা নপৰা চোৰ, a cunning thief, an un- detected thief.

ডোমৰ ঢেঁকী—বিং, ডোমৰ ঢেঁকী চুটি। এতেকে,—চুটি চাপৰ মানুহ। (গালিৰ মাত ) a short-statured person (used abusively).

⸺ ⸺


ঢ।


ঢেঁকী-থুৰীয়া বুদ্ধি—বি, ঢেঁকী-থোৰা মটহা বস্তু। এতেকে,—মটহা বুদ্ধি, obtuse intellect.

ঢেঁকী থুৰীয়া মাৰ— বিং, ঢেঁকী-থোৰা শকত-ডাঙ্গৰ বস্তু, তাৰে মৰিয়ালে বৰকৈ দুখ পোৱা যায়। এতেকে,—ডাঙ্গৰ প্ৰহাৰ, severe assault.

ঢেঁকী শাল ফুৰিলে খুদৰ আকাল নোহোৱা—ক্ৰি, ঢেঁকী-শালত অনেক খুদ পৰি থাকে। খুদ বিচৰা মানুহে ঢেঁকীশাল ফুৰিলেই খুদ পাব পাৰে। যৎসামান্য বস্তু হলেই যাৰ চলে, সেই মানুহে যতে ততে ফুৰিলে তাক পাব পাৰে, এই ভাব বুজায়। এতেকে,— সামান্য মানুহৰ সামান্য অভাৱ যতে ততে পূৰণ হোৱা, the fulfilling of the hiding wants of a poor man quite easily in any way.

ঢেঁকুৰা কুকুৰে বাট নিদিয়া—বিণ, ঢেঁকুৰা কুকুৰ = ঢেঁকী-শালত শুই থকা লেতেৰা কুকুৰ। নিতান্ত জুৰুলা-জুপুৰা মানুহক তেনে কুকুৰেও