পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জুইয়ে
জুলীয়া
১১০

জুইয়ে ধৰা ধৰা—ক্ৰি, বতাহ লাগি লাগি জুইয়ে ওচৰত থকা মানুহক খেদি খেদি ধৰে। এতেকে,— টানকৈ তাগিদা কৰা, to make an insis- tent demand for anything.

জুই-আঙ্গঠ কাপোৰেৰে ঢাকি থব নোৱৰা—ক্ৰি, যদি জুইৰ আঙ্গঠা কাপোৰেৰে ঢাকি থোৱা যায় তেনেহলে কাপোৰখন পুড়ি আঙ্গঠা ওলাই পৰে। সেইৰূপে, মানুহৰ প্ৰকৃত গুণ আবৃত কৰি ৰাখিব পৰা নাযায়; সি যেন তেনে প্ৰকাৰে প্ৰকাশিত হব। এতেকে,—প্ৰকৃত গুণ লুকাই ৰাখিব নোৱৰা, to be unable to **** real genius by opposition.

জুই-ছাই দৰ—বিং, [ জুই যেন তপত ছাই দৰ। ] বৰ তপত ছাই চুব নোৱাৰি। কোনো বস্তুৰ দৰ অতিৰিক্ত হলেও তাক ছুব নোৱাৰি অৰ্থাৎ কিনি হাতত লব নোৱাৰি। এতেকে,—অতিৰিক্ত মূল্য, কিনিব নোৱৰা বেচ, prohibitive price, expensive value.

জুই-পানী অসঞ্চাৰ হোৱা—ক্ৰি, দুঘৰ মানুহৰ ভিতৰত ডাঙ্গৰ শত্ৰুতা চলিলে ই ঘৰৰ পৰা সিঘৰলৈ জুই আৰু পানীৰ চলা-চল বন্ধ হয়। জুই আৰু পানী জীৱনযাত্ৰাৰ নিমিত্তে প্ৰধান লাগতিয়াল আৰু সেই দুটা বস্তু যতে তে বিনামূল্যে পোৱা যায়। জুই অৰু পানীৰ মূল্য নাই আৰু সেই দুই বন্ধু খোজনীয়াক নিদিলে মহাপাপ হয়। এতেকে,— ভয়ানক শত্ৰুতা হোৱা, to be on terms bitterest enmity.

জুইশালত গঢ়িলে কমাৰশালত গঢ়িব পৰা—ক্ৰি, কমাৰে নিজ ব্যৱহাৰৰ নিমিত্তে কাম চলাব পৰাকৈ জুইশালত অস্ত্ৰ তৈয়াৰ কৰি প্ৰথমে কাম শিকে। অভিজ্ঞতালাভ কৰিলে পাচত কমাৰৰ বৃত্তি ধৰি বেচিবৰ নিমিত্তে উত্তম অস্ত্ৰ কমাৰশালত তৈয়াৰ কৰে। এতেকে,—সৰু কাম কৰি শিক্ষা হলে হে ডাঙ্গৰ কাম কৰিব পৰা, to be able to do an important business by being trained from the humbl- est stage.

জুগলি—বিং, [ যুগলি ] যাক যোগান দিয়া যায় অৰ্থাৎ আহাৰ দিয়া যায় সি, পেট। (বিদ্ৰুপ-প্ৰয়োগ। ) stomach (used ironically).

জুলীয়া গুড়—বিং, গুড় জুলীয়া হলে সি একে ঠাইতে নাথাকে, যেনিয়ে সুবিধা পায় তেনিয়ে বাগৰি যায়। সেইৰূপে যি মানুহৰ মতৰ স্থিৰতা নাই, সিও