পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জীয়া
জুইত
১০৯

জীয়া ভূত—বি, মানুহ মৰিলে আত্মা গৈ ভূত হয়। ভূতে অতপালি কৰে। এই স্থলত জীৱন্ত অৱস্থাতে ভূত বুলি কোৱা হৈছে। এতেকে,— অতপালি কৰা মানুহ, অত্যন্ত দুৰ্দান্ত মানুহ, a person of violent disposition, a too wicked person.

জীয়াৰ দিন টুট—ক্ৰি, দিন শব্দে কাল অৰ্থাৎ আয়ুস বুজাইছে। (জীয়া =জীয়া মানুহ। ) এতেকে,—জীবিত মানুহৰ আয়ুস ক্ৰমশঃ কম হৈ যোৱা, the gradual decreasing of a man's life.

জীৱই উজান-ভাটি কৰ—ক্ৰি, শৰীৰৰ ডাঙ্গৰ কষ্ট হলে জীৱটো এবেলি ওপৰলৈ উঠে আৰু এবেলি তললৈ নামে অৰ্থাৎ ওলাই যাবৰ নিমিত্তে অস্থিৰ হয়। এতেকে,—অতিপাত বিপদগ্ৰস্ত হোঝ, to be morbidly afflicted with grief.

জীৱন্ততে মৰা, জীৱন্ত অৱস্থাতে মৰাৰ দৰে হোৱা অৰ্থাৎ মহাকষ্টত পৰি মৃত্যুপ্ৰায় হোৱা, to be overwhelmed by the direst calamity.

জুই খোৱা—ক্ৰি, জুই খালে শৰীৰৰ অভ্যন্তৰ পুৰি যায়। ডাঙ্গৰ বিপদত পৰিলেও চিন্তাত আভ্যন্তৰিক দাহ উপস্থিত হয়। এতেকে,—ডাঙ্গৰ বিপদত পৰা, to run into great danger.

জুই দিনে মুখ নোপোড়া মানুহ—বিং, যি মানুহে মুখেৰে অতিকৈ কথা কব পাৰে, তাৰ মুখৰ তেজ বৰ চোকা বোলা হয়। জুইৰ তেজো চোকা। জুইৰ তেজতকৈ মুখৰ তেজ চোকা হলে, জুইয়ে মুখক বিঘাত কৰিব নোৱাৰে। এতেকে,—অতিপাত চোকা মুখৰ মানুহ, a person having an acrimonious tongue.

জুইত জাঁপ দিয়া—ক্ৰি, ডাঙ্গৰ বিপদক জুইৰে তুলনা কৰা হৈছে। সমুখত ডাঙ্গৰ বিপদ দেখিও তাত গৈ পৰা যেনে, জাঁপ মাৰি জুইত পৰা তেনে বোলা হৈছে। এতেকে,—দেখাদেখি ডাঙ্গৰ বিপদত উপযাচি পৰা, to court great danger deliberately.

জুইত জাহ যোৱা—ক্ৰি, ফড়িং আদি জুইত পৰিলে যেনেকৈ জাহ যায়, মানুহো ডাঙ্গৰ বিপদত পৰিলে তেনেকৈ জাহ যায় বোলা হৈছে। এতেকে,— ডাঙ্গৰ বিপদত পৰি সমূলি ধ্বংস পোৱা, to be completely ruined by deliberately running into great danger.