পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ছাতে
ছাল-ছিগা
১০২

সঁচাসঁচি বাঘ বুলি অমূলক সন্দেহ কৰে। এতেকে,—অমূলক সন্দেহ কৰা, to entertain unfounded suspicion.

ছাঁতে শুকোৱা, মুঠিতে লুকোৱা—বিণ, মানুহে ৰ’দত শুকায়, কিন্তু এই স্থলত ছাঁতে শুকায় বোলা হৈছে। ‘মুঠিতে লুকায়’ অৰ্থাৎ কঁকাল মুঠিতে লুকায়, কঁকালৰ মেৰ মুঠিৰে খামুচি পোৱা যায়। এতেকে, সুকোমল কৃশ-মধ্যমা, দিপ্‌লিপ্‌। ( ছোৱালীত খাটে। ) delicate and slender-waisted, charming (said of a girl).

ছয় পো বাৰ নাতি দেখা—ক্ৰি, অতি দীৰ্ঘজীবি মানুহে ছয় পো আৰু বাৰ নাতি দেখিবলৈ পায়। এতেকে,—অত্যন্ত দীৰ্ঘায়ুস হোৱা, to attain a very long life.

ছাই-আলি—বিং, আলি মাটিৰে বন্ধা হয়, ছাইৰে বন্ধা আলি বৰকৈ জিলিকে কিন্তু কামিলা নহয়, কিয়নো পানী আহিলে তাক উটাই লৈ যায়। এতেকে,—দেখিবলৈ ধুনীয়া কিন্তু অচিৰস্থায়ী কাৰ্য্য, বস্তু বা বিভূতি, anything of an ephemeral nature.

ছাই-খোচৰা—বিণ, পৰৰ অলঙ্কাৰ পাতি গঢ়োঁতে সোণাৰিৰ জুহালত সোণৰ কণিকা পৰি থাকে। ছাই খুচৰি পাচত সোণাৰিয়ে সেইবিলাক নিজলৈ থৈ দিয়ে। সোণ-অপহৰণ হিন্দুৰ ভিতৰত মহাপাপ বুলি গণ্য হয়। এতেকে,—অন্যায় উপায়ৰ দ্বাৰা উপাৰ্জ্জনকাৰী, earn- ing by unfair means.

ছান কঢ়া—ক্ৰি, [ছিন কঢ়া] হিন্দী ছিন্ কাঢ়ি লোৱা। ‘ছিন্‌’ ক্ৰিয়াৰ গুড়ি পাহৰি যোৱাত অসমীয়া ‘কঢ়া’ ক্ৰিয়াৰ যোগ হল। লগে লগে ‘ছিন’ৰ গঢ় লৰি ‘ছান’ হল আৰু অৰ্থ লৰি ‘কিছু কাঢ়ি লোৱা’ হল। এতেকে,—একাংশ কাঢ়ি লোৱা, to rob a slice.

ছাব দি ধৰা—ক্ৰি, বাঘে গৰু মহ হঠাৎ ছাব দি ধৰে। এতেকে,—উমান নোপোৱাকৈ হঠাৎ কোনো মানুহক দোষী বুলি ধৰা, to charge a person directly with an offence in a manner so that he may not have time to think over and may thus be compelled to admit it.

ছাল-ছিগা—বিণ, [কান্ধৰ ছাল ছিগা] ভাৰ কঢ়িয়াওঁতে দুখীয়া মানুহৰ কান্ধৰ ছাল ছিগি যায়। এতেকে,—ভিকহু , টোকোনা, utterly