পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চৈধ্য
চোৰ
৯৯

by the direst calamity.

চৈধ্য ভুবন দেখা—ক্ৰি, পলাই সাৰিবলৈ ঠাই বিচাৰি গৈ চৈধ্য ভুবন দেখা হয় বুলি কোৱা হৈছে। এতেকে,—পলাই সাৰিবলৈ তত্‌- মত্‌, নোপোৱা, চুৰ্ত্তি হেৰুওৱা, to be at one's wit's end.

চোং সলোৱা—ক্ৰি, ডাঙ্গৰ কাৰণ নাথাকিলে জন্তুৱে চোং এৰি নাযায়, এই কথাৰ পৰা এই বাক্যৰ উৎপত্তি হৈছে। এতেকে,— কোনো ডাঙ্গৰ কাৰণৰ নিমিত্তে থকা ঠাই এৰি যোৱা, to change one's habi- tation for some special reason.

চোকা টেকেলা—বিং, কোনো কাৰ্য্যৰ নিমিত্তে টেকেলাক পাচিলে সি সেই কাৰ্য্যসাধনৰ অৰ্থে হুৰমূৰকৈ ধৰে। টেকেলা যদি চোকা হয়, তেন্তে সি নেৰানেপেৰাকৈ ধৰি কোনো প্ৰকাৰেৰে কাৰ্য্য উদ্ধাৰ কৰে। এতেকে,—নেৰানেপেৰাকৈ ধৰা টান মুখীয়া মানুহ, a person who makes a peremptory demand, one who presses hard for anything.

চোতালৰ আগৰ দুবৰি—বিং, চোতালৰ আগৰ দুবৰি দিনৌ মানুহে খচকে, কিন্তু পুৱা হলে সি আকৌ ঠন ধৰি পৰে। এতেকে,—বহু অত্যাচাৰ পাইও তম্ভি থকা মানুহ, a person who possesses the power of recovering from oppression or exhaustion.

চোবা চেলেকা মানুহ—বিং, আনে পেলাই দিয়া তামোলৰ চোবা চেলেকি খোৱা মানুহ অৰ্থাৎ নীচ আৰু পৰপ্ৰত্যাশী মানুহ, a mean sorry follow dependent on another's bounty.

চোৰ পলালে বুদ্ধি ওলোৱা—ক্ৰি, বস্তু চুৰ কৰাৰ পূৰ্ব্বেই চোৰ-নিবাৰণৰ বুদ্ধি অৰ্থাৎ উপায় কৰিব লাগে। এই স্থলত কোৱা হৈছে, যে চোৰে বস্তু চুৰ কৰি গৈ যোৱাৰ পাচত চোৰ নিবাৰণৰ উপায় স্থিৰ কৰা হৈছে। এতেকে,—কোনো অনিষ্ট হৈ যোৱাৰ পাচত অনিষ্ট নিবাৰণৰ উপায় নিৰ্দ্ধাৰিত কৰা, to adopt preventive measures after the mischief has been done.

চোৰ বুলিলে ওৰ পৰা—ক্ৰি, চোৰৰ সদাই ধৰ-পৰাৰ ভয় মনত জাগি থাকে। গিৰিহঁতে গম পাই ’চোৰ' বুলি কোৱা মাত্ৰে, তাৰ ওৰ পৰে অৰ্থাৎ ধৰা পৰিলে যি উপায় অবলম্বন কৰিব লাগে আগৈয়ে তাক ভাবি