পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চুঙ্গাৰ
চূণৰ
৯৭

experience of the outside world.

চুঙ্গাৰ বাদুলিয়ে ঢোল যেন কণী পৰা—ক্ৰি, চুঙ্গাৰ বাদুলি নিচেই সৰু, কিন্তু তাৰ কণীটো ঢোল যেন অৰ্থাৎ বৰ ডাঙ্গৰ। এতেকে,—সৰু মানুহে ডাঙ্গৰ কাৰ্য্য কৰা, the doing of a big thing by a small man.

চুঙ্গাৰ ফোঁপত হাত সুমাই থকা—ক্ৰি, কাম-বন কৰিবলৈ হাত লৰাব লাগে। এই স্থলত কোৱা হৈছে, যে হাত দুখন চুলাৰ ফোঁপত সুমাই থয় অৰ্থাৎ তাক এনেভাৱে থয়, যাতে সমূলি তাক লৰাব পৰা নাযায়। এতেকে,—অতিপাত এলাহত কালযাপন কৰা, to spend time in extreme laziness.

চুটি কাপোৰ—বিং, চুৰিয়ালৈ দীঘল কাপোৰ লাগে, কিন্তু মেখেলালৈ চুটি কাপোৰ লাগে। এতেকে,—মেখেলা, a petticoat.

চুলি কটা মিছিমি—বিং, কিছুমান মিছিমিয়ে চুলি কাটে, কিছুমানে দীঘল চুলি ৰাখে। কাল-ক্ৰমত ‘চুলি কটা’ৰ অৰ্থ হল ‘যি আনৰ চুলি কাটে’। এতেকে,—অসভ্য ভয়-জনক মানুহ, a fierce barbarian.

চুলি ছিঙ্গি কাতৰ কৰা—ক্ৰি, তিৰোতাৰ চুলি অতি আদৰৰ বস্তু। তেনে বহু-মূলীয়া বস্তু ছিঙ্গি আসন পাতি কাতৰোক্তি জনায় বোলা হৈছে। এতেকে,—অতি কাতৰভাৱে মিনতি জনোৱা, to implore feelingly.

চুলিয়ে ধাতু যোৱা—ক্ৰি, মানুহ মৰিলে ভৰিৰ ফালৰপৰা লাহে লাহে মৰি ধাতু ওপৰলৈ যায়। এই স্থলত, ধাতু ইমান ওপৰলৈ যায় বোলা হৈছে, যে সি উজাই চুলি পাইছে গৈ। কোনো কাৰ্য্যত বৰকৈ ভয় পালে মানুহ মৰাৰ দৰে হয়। এতেকে,—বৰকৈ ভয় পোৱা, to be terrifi- ed to the utmost.

চূণ খাৰ কৰা—ক্ৰি, [ চূৰ্ণকাৰ কৰা ] অপমানৰ দ্বাৰা চূৰ্ণকাৰ কৰা, গুৰুতৰ ভাৱে অপমানিত কৰা, to humiliate extremely, to mortify.

চূণৰ ফোঁটত মৰা—ক্ৰি, চূণৰ ফোঁট লক্ষ্য কৰি তাত মাৰে অৰ্থাৎ সেই ফোঁটতে নিলগৰপৰা হিলৈৰ গুলি বা ধেনুৰ কাঁড় মাৰি লগোৱা হয়। এতেকে,—কোনো কাৰ্য্য অলপো লৰচৰ নোহোৱাকৈ ঠিকতে,

to do a thing in an exact manner.

১৩