পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চলা
চাউদাং
৯২

প্ৰকাশ কৰা, to feel excited by gaining an advan- tageous position.

চলা জনা পুৰুষ—বিং, যি জনা পুৰুষ চলিল অৰ্থাৎ পৰলোকলৈ গল সেই জনা পুৰুষ, পৰলোকপ্ৰাপ্তি হোৱা মাহাত্মা পুৰুষ, a great man who has departed this life.

চহাই বেহ শিকা—ক্ৰি, আগৰ দিনৰ গাওঁৰ চহা মানুহ খেতি কৰিছিল, আৰু নগৰীয়া মানুহে বেহা কৰিছিল। বেহা ওখ খাপৰ ব্যবসায়ৰ ভিতৰত গণ্য অছিল। এই স্থলত বুজোৱা হৈছে যে চহাই বেহা শিকিলে আনন্দত ধৈৰ্য্য হেৰুৱায়। এতেকে -ইতৰ মানুহ উচ্চ পদ পাই অধীৰ হোৱা, to act as at upstart.

চাই বাট বোলা—ক্ৰি, [ তললৈ চাই বাট বোলা ] যাওঁতে বাটৰ হল-জেং চাই- চিন্তি খোজ কাঢ়ে বোলা হৈছে। এতেকে,—সাৱধানে কাৰ্য্য কৰা, to act with caution.

চাউল উঠা—ক্ৰি, (চাউল =জীবিকা। উঠা = দূৰীভূত হোৱা। ) জীবিকা অন্ত হোৱা অৰ্থাৎ জীবিকাৰ স্থল নাইকিয়া হোৱা, to be deprived of to means of earning one's livelihood.

চাউল উঠা—ক্ৰি, অন্নৰ দ্বাৰা সংসাৰ-যাত্ৰানিৰ্ব্বাহ কৰা যায়। অন্নৰ সংস্থান অন্ত পৰিলে সংসাৰ-যাত্ৰা অন্ত পৰে। ( উঠ = দূৰীভূত হোৱা; অন্ত পৰা। এতেকে,—আয়ুষ-শেষ হোৱা। the finishing of the course of life.

চাউল-খোৱা—বিং, চাউল-সিজোৱা খোৱা অৰ্থাৎ ভোজ, dinner, feast

চাউল চৰু নিয়া—ক্ৰি, ঘৰৰপৰা নিলগত গৈ তাতে থাকি বন-বাৰী কৰিবলৈ হলে চাউল আৰু চৰু আদি ভাত ৰন্ধাৰ সজুলি লৈ যাব লাগে। এতেকে,—কোনো এঠাইত কিছু দিন থকা, to halt in a place longer that one day.

চাউল মোকলোৱা—ক্ৰি, ঘৰত আবদ্ধ অৱস্থাৰপৰা চাউল মুকলি কৰি তাক পাবলৈ সমৰ্থ হয় বোলা হৈছে। এতেকে,—জীৱিকা -উপাৰ্জ্জন কৰা, to earn one's livelihood.

চাওদাং উঠা—ক্ৰি, চাওদাঙ্গৰ নিচিনাকৈ উঠি কাটি-ছিঙ্গি পেলোৱা, এফালৰ- পৰা নষ্ট কৰি যোৱা, to devastate.