পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰোধক্ৰমেই ৰেডিঅ’ৰ চাকৰিৰ পৰা ততালিকে এমাহৰ ছুটী লৈ তেওঁৰ ঠাইত আমাৰ বন্ধুজনক ইংলিচ কেজুৱেল এনাউন্‌চাৰ হিচাপে ভৰ্ত্তি কৰাই ১০৯ ধাৰাত গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষা কৰিছিল।

 পুনৰাবৃত্তিৰ দোষত দোষী হ’লেও আকৌ ক’ম— তচদ্দুক ইউছুফ এজন সম্পূৰ্ণ শিল্পী, পাৰফৰ্মিং আৰ্টত অন্যতম প্ৰতিনিধিত্বমূলক ব্যক্তি, অনাতাঁৰ অভিনয়ত অদ্বিতীয়। তেওঁৰ অভিজাত অভিনয়ৰ কথা ভাবিলে, মোৰ নিজৰ কিন্তু মাইক্ৰ’ফনলৈ যোৱাৰ অধিকাৰ নাই বুলি বিশ্বাস হয়। এয়া মই বিনয়াচৰণ কৰা নাই, অন্তৰৰ পৰাই কৈছোঁ। শিল্পী প্ৰতিভা আৰু মানসিকতাৰে তেওঁ অসমৰ শিল্পীসমাজৰ নক্ষত্ৰৰ দৰে উজ্জ্বল হৈ থাকিব লাগে যদিও জীৱনকালৰ ঈৰ্ষা আৰু অনাদৰৰ ফলত হয়তো হৈ ৰ’ব— The most tragic prince on the rolls of fame.

 শেষত স্বীকাৰোক্তিৰ ৰূপত কবলৈ বাধ্য যে আজি তেওঁৰ মৃত্যুত শোকাকিভূত হৈ তেওঁৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ হয়; কিন্তু তেওঁ যি
৭৬