পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভিতৰত “পুৱতি নিশাৰ সপোন” আৰু “বৰুৱাৰ সংসাৰ”ৰ অগতানুগতিক চৰিত্ৰদুটা মনত থাকিব। বিজু ফুকনে সিদিনা কলে যে ছিনেমাত অভিনেতাৰ মুখমণ্ডল আৰু চকু দুটাই অভিনয়ৰ প্ৰধান আহিলা; কিন্তু ইউছুফে নিজে ইমান অসুবিধাগ্ৰস্ত হৈও, কি অভাৱনীয় প্ৰতিভাৰ ফলত এনে শক্তিশালী আৰু শ্ৰেষ্ঠ অভিনেতা হ’ব পাৰিছিল, তেওঁ ভাবিব নোৱাৰে। বৰুৱাৰ সংসাৰ ছবিৰ ইউছুফৰ সহশিল্পী অনিমায়ো কৈছে— “ইউনিটত তেওঁক পৰিচালকৰ পৰা আৰম্ভ কৰি সকলো শিল্পী ক’লাকুশলীয়ে শ্ৰদ্ধা কৰিছিল। নতুন শিল্পীয়ে শিকাৰ আগ্ৰহ কৰিলে, তেওঁ সময় খৰচ কৰি শিকাই দিয়াত অকণো কৃপণালি নকৰিছিল।

 মঞ্চত তেওঁৰ অসমীয়া, ইংৰাজী আৰু উৰ্দ্দু ভাষাত সমান পাৰদৰ্শিতা। পিৰাণ্ডেল’ৰ “নাট্যকাৰৰ সন্ধানত ছটি চৰিত্ৰ” অসমীয়া অভিযোজনা কৰি অসমৰ বিভিন্ন মঞ্চত তেওঁ পৰিচালনা আৰু অভিনয়ৰ উৎকৃষ্ট চিনাকী দি থৈছে। উৰ্দ্দু নাটকত তেওঁৰ অভিনয় চাই তেতিয়াৰ ৰাষ্ট্ৰপতি ডঃ জাকিৰ হুচেইন অভিভূত হৈ তেওঁক সাৱটি ধৰিছিল। গুৱাহাটীৰ ৰবীন্দ্ৰভৱনত সপ্তাহত দুদিনকৈ— এদিন ব্যৱসায়িক আৰু এদিন পৰীক্ষামূলক নাটক কৰাৰ বিষয়ে তেওঁ প্ৰায়েই কৈছিল, বিজু ফুকনকো কৈছিল।

৭৩