পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শব্দটোৰ অৰ্থ আৰু আক্ষৰিক হৈ থকা নাই; তাৰ ঠাইত সেই শব্দ উচ্চাৰণ কৰা সময়ছোৱাত যেন এটা শত্ৰুক টেটুচেপি হত্যা কৰা হৈ গ’ল। নাটকখনৰ শেষত সৰ্বশ্ৰান্ত আৰু পৰাভূত গেৰিলা নেতাৰ বিষাদ, বিহ্বলতা আৰু ক্ষোভক তিনিটা বাক্যৰ এটা সংলাপেৰে একমাত্ৰ ইউছুফেহে যি ৰূপ দিব পাৰিছিল, সেইটো শ্ৰোতা মাত্ৰৰে মনত থাকিব। নাটকখনৰ লেখকৰূপে মই প্ৰত্যয় গৈছোঁ যে তেওঁ অভিনয়েৰে যি প্ৰকাশ কৰিলে সি মই বিচৰাতকৈ বহু উন্নত স্তৰৰ। সংলাপটো আছিল— “ৰাক্ষসী এণ্ডীজ্, এতিয়া মই কাক লৈ যুদ্ধ কৰিম! — পিশাচী, তোক আৰু তেজ লাগে!— বেশ্যা, এদিন কিয় বুকুত ঠাই দিছিলি!” এই সকলোখিনি অগতানুগতিক নিম্নস্বৰৰ অভিনয়ৰ ফলত আদৰ্শ অনাতাঁৰ অভিনয় হৈ থাকিব। অসংখ্য নাটকত এনে বহুত মূহুৰ্ত্ত আছে, আকাশবাণীত সেইবোৰ এতিয়া বাণীৱদ্ধ ৰূপত ৰখা হৈছে নে নাই মই কব নোৱাৰো। মোৰ স্মৃতি শক্তিও সকলো ক্ষেত্ৰতে প্ৰখৰ নহয়। ইফালে কিছুমান এনে নিদৰ্শন আকৌ টেইপ্ লাইব্ৰেৰীত বহি শুনি মনত পেলাবলৈও, ৰেডিঅ’ৰ চৌহদৰ ভিতৰত সোমাৱা এতিয়া মোৰ বাবে অসুবিধাজনক। সেয়ে সহজে মনত

৭১