পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাবেহে এনে সুঅভিনেতা হ’ব পাৰিছিল। কিন্তু ই আংশিক সত্য বুলিহে মোৰ ধাৰণা। সঁচা কথা, উৎকৃষ্ট কণ্ঠস্বৰৰ তিনিওটা উপাদান— ইণ্টেন্‌ছিটি, পিচ্ছ আৰু ৰেজনেঞ্চ্ অৰ্থাৎ টেম্বাৰ্ পূৰ্ণ মাত্ৰাই তেওঁৰ কণ্ঠত আছিল। তাৰ ওপৰত আছিল অভাৱনীয় নিয়ন্ত্ৰণ। সেয়ে প্ৰতি শব্দ, প্ৰতি উশাহ আৰু প্ৰতিবাৰৰ নীৰৱতাই তেওঁৰ অভিনয়ত আনি দিছিল লোভনীয় আভিজাত্য। কিন্তু এই সকলোবোৰ সম্ভৱ হৈছিল মাত্ৰ কণ্ঠস্বৰৰ কাৰণেই নহয়; ইয়াৰ মূলতে আছিল তেওঁৰ গভীৰ নিষ্ঠা আৰু অধ্যয়নপুষ্ট অভিনয় চিন্তা। প্ৰথম দৃষ্টিত তেওঁক ইমান অসতৰ্ক যেন লাগিলেও, প্ৰতিখন নাটকৰ বিষয়ে ইমান গভীৰ চিন্তা আৰু গৱেষণা কৰি অভিনয়ৰ বাবে সাজু হৈ অহা অনাতাঁৰ শিল্পী তচদ্দুক ইউছুফৰ বাহিৰে হয়তো আৰু দুজনহে আছিল - ফণী শৰ্ম্মা আৰু জানদা কাকতি।

 অভাৱনীয় কণ্ঠস্বৰৰ নিয়ন্ত্ৰণ আৰু নিম্নস্বৰৰ অভিনয়ৰে অনাতাঁৰ অভিনয়ক কি উচ্চ পৰ্য্যায়লৈ লৈ যাব পাৰি তাৰ কেতবোৰ বিৰল মুহূৰ্ত ইউছুফে ৰচনা কৰি গৈছে। ফণী তালুকদাৰে কৰা ‘হেমলেট’ৰ অসমীয়া অভিযোজনা ইউছুফৰ নিঃসন্দেহে শ্ৰেষ্ঠ অভিনয়। জ্যোতি শইকীয়াই

৬৯