পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিন্তু অকণো আচৰিত হোৱা নাই— কাৰণ শিল্পী ইউছুফৰ হত্যা আজি কিছুবছৰ আগতেই আৰম্ভ হৈছিল বুলি মই সপ্ৰমাণে জানো। কবি হীৰু ভট্টয়ো অনুভৱ কৰিছিল আৰু ইউছুফে নিজেও জানিছিল— সেয়ে তেওঁৰ মানসিক মৃত্যু কেইবছৰমান আগতেই ঘটিছিল।

 মঞ্চ, চলচিত্ৰ আৰু অনাতাঁৰ— তিনিওটা মাধ্যমতে সমানে পাৰদৰ্শী আৰু সৰ্বভাৰতীয় ক্ষেত্ৰত ফেৰ মাৰিব পৰা শিল্পী ইউছুফৰ প্ৰথম প্ৰেম আছিল অনাতাঁৰ অভিনয়; কিন্তু তাতেই তেওঁক কিদৰে পৰাভূত কৰা হৈছিল তাক মই ব্যক্তিগতভাৱে জানো। ৰেডিঅ’ নাটকৰ অভিনয় কৰি অকল তেওঁ যে অতি ভাল পাইছিল তেনে নহয়; ৰেডিঅ’ মাধ্যমটোত তেওঁৰ দৰে অসাধাৰণ প্ৰতিভাৰ প্ৰয়োজন আছিল। তেনেস্থলতো আজি দুবছৰমান আগলৈকে মই ৰেডিঅ’ত সামান্য চাকৰিয়াল হৈ থাকোঁতে দেখিছিলোঁ তেওঁৰ প্ৰতি কি অনাদৰ আৰু অবিচাৰ কৰা হৈছিল। যিজন শিল্পী ৰেডিঅ’ নাটকৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় আছিল, যিজনৰ ৰেডিঅ’ত যি কোনো উচ্চ পদ লাভৰ অধিক অৰ্হতা আছিল, সেইজনক নাটকত বুক কৰাটো প্ৰায় দহবছৰৰ আগতেই এক প্ৰকাৰ বন্ধ কৰা হৈছিল। এবাৰ
৬৬