এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 

ট্ৰেজিক ৰাজকোঁৱৰ তচদ্দুক

নব শৰ্মা

 

…All the Perfumes of Arabia will not sweeten this little hand, Oh!…

 হতাশাৰ জন্ম, সাধাৰণতে ভবাৰ, স্বীকৃতিৰ অভাৱত নহয়। এই হতাশাৰ মূলতে হ’ল সামাজিক অবিচাৰৰ ফলত উদ্ভৱ হোৱা, জীৱনৰ অভিলাস (সময়ত সপোন ৰূপ) আৰু বাস্তৱৰ মাজৰ পাৰ্থক্য; ঠুনুকা অন্তৰৰ শিল্পীৰ জীৱনত এই পাৰ্থক্যই হ’ল অপূৰ্ণতা।

 তচদ্দুক ইউছুফৰ মৃত্যুৰ পিছদিনা পুৱাটো কবি হীৰু ভট্টৰ সৈতে বহি কটালোঁ। আমি বেছি কথা পাতিব পৰা নাছিলোঁ। ইউছুফৰ সৈতে কবিৰ আত্মীয়তা মোতকৈ বহুত বেছি। ইউছুফ গুৱাহাটীলৈ আহিলে কবিৰ ঘৰলৈ যায়; মোৰ পিচে খবৰহে লয়। মৃত্যুৰ খবৰটো তেওঁ আগদিনাই পাইছিল— এখন কবি সন্মিলন চলি আছিল। বাতৰিটো সন্মিলনত জনাই ভট্টই এটা শোক প্ৰস্তাৱ লোৱাৰ কথা কৈছিল; পিচে বাকীসকলে “বাৰু, সন্মিলনৰ কাম হৈ লওকচোন, তাৰ পিচতো…” বুলি সামৰি থলে।
৬৪