পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ছবি উদ্যোগ হিন্দি ছবি জগতৰ সমান উন্নত হোৱা হ’লে তচদ্দুকো হয়তো আন এজন অমিতাভ হ’লহেঁতেন। সেইখিনি সাহস তচদ্দুকৰ আছিল।

 তচদ্দুকে এইদৰে নিজৰ জীৱনটো কিয় শেষ কৰিলে সেইকথা আজিও মোৰ বাবে ৰহস্য হৈ থাকিল। বোধহয় সেইয়াই আছিল অদৃষ্টৰ পৰিহাস। মৃত্যুৰ মাজত বিলীন কৰি দিয়া তচদ্দুক আজি এক অন্য শ্বেলী। মানসিক ধ্যান-ধাৰণাৰ সীমাত নিসংগতাৰে শেষ হোৱা তচদ্দুকক একোৱেই মন জুৰাব নোৱাৰিলে।

 জীৱনৰ লক্ষ্য সাধনৰ অভিযানত সফল হোৱা হ’লে তচদ্দুকে বোধহয় এইদৰে নিজকে শেষ কৰি নিদিলেহেঁতেন। জীৱনৰ চিৰাচৰিত নিৰ্বোধতাৰ মাজত আৱদ্ধ থকা লোক নাছিল তচদ্দুক। সেয়েহে মুক্ত বাসনাকেই চৰিতাৰ্থ কৰিলে তেওঁ। শৃংখল যেতিয়া অসহনীয় হৈ পৰিল তচদ্দুক তেতিয়াই কঁপি উঠিল। সম্ভৱপৰ সময়ছোৱাত জীৱনৰ প্ৰেম আৰু উপাসনা কৰি এগৰাকী মহান শিল্পী আমাৰ মাজৰপৰা দৈহিকভাৱে নোহোৱা হৈ গ’ল।