পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সামান্য পুথিখন। বাপুদাৰ জীৱন, হৃদয় আৰু প্ৰতিভাৰ এটি সাধাৰণ ধাৰণা আংশিকভাৱে হলেও এই পুথিখনে দিব পাৰিলেই আমাৰ আটাইৰে শ্ৰম সাৰ্থক হোৱা বুলি আমি ভাবিম।

তিনিটা প্ৰৱন্ধ সংগ্ৰহৰ ক্ষেত্ৰত সহায় কৰি দিয়া বাবে হেমন্তকুমাৰ দাস, কুমাৰ ৰাঘবেন্দ্ৰনাৰায়ণ দেৱ আৰু ব্ৰহ্মপুত্ৰ নিউজ এণ্ড ফিচাৰছ্ ছাৰ্ভিছৰ ওচৰত আমি কৃতজ্ঞ। ‘মানুহৰ জীৱনটো ভগৱানে সোণালী আঙুলিৰে লিখা সাধুকথা মাথোন।’ বাপুদাৰ অকাল বিয়োগত আমি সিক্ত হৃদয় আৰু শুকান চকুৰে এই বুলিয়েই সান্ত্বনা লভিছোঁ।

উৎপল দত্ত ॥ ১০ অক্টোবৰ ’৮২ ॥