পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এজন খঙাল যুৱক আছিল। মনেবিচৰা লক্ষ্যত উপনীত হ’ব নোৱাৰিলে ভাঙি পৰা তচদ্দুকক মই কেতিয়াও দেখা নাছিলোঁ। জীৱনৰ শেষ পৰলৈকে তেওঁ নিজকে এজন বিদ্ৰোহী ৰূপেই প্ৰতিপন্ন কৰি গ’ল।

 মোৰ আজিও মনত পৰে, তচদ্দুকৰ অনুপস্থিতিৰ সময়ত এবাৰ তেওঁৰ দেউতাকে মোক ঘৰলৈ মই নিছিল। মৰমৰ পুতেকৰ বন্ধু হিচাপে মোকো তেওঁ অসম্ভব মৰম কৰিছিল। তেওঁক বৰ চিন্তিত যেন দেখিছিলোঁ। তেওঁ মোক পোনপটীয়া ভাবে কৈছিল— স্বপ্ন মৰিচীকাৰ পিছত দৌৰি থকাতকৈ বাপুক হয় ভালদৰে পঢ়া শুনা কৰিবলৈ কোৱা, নহ’লে জীৱনত স্থিৰ ভাবে কিবা এটা কৰিবলৈ কোৱা।— তচদ্দুকে এই বিষয়ত মোৰ কোনো কথাই নুশুনিব বুলি জানিও সেইদিনা মই দেউতাকৰ আগত সেইদৰে ক’ম বুলি শপত খাই গুচি আহিছিলোঁ। তচদ্দুকে মোক সেই কথাৰ উত্তৰত কৈছিলে— “মই কি কৰি আছোঁ মই জানো। মোৰ জীৱনৰ লক্ষ্যত উপনীত হোৱাত মই অকণো ত্ৰুটি নকৰোঁ। এই বিষয়ত মোৰ ঘনিষ্ঠ বন্ধুসকলেও মোৰ মনৰ ধাৰা সলনি কৰিব নোৱাৰে।


৬১