পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কামতেই হওক বা আন কামতেই হওক গুৱাহাটী কলিকতা পথত অহাযোৱা কৰিছিল। তচদ্দুকৰ এনে এটা যুবপ্ৰাণ আছিল যে তেওঁ ছবি আক শৈল্পিক প্ৰকাশৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে দিন অতিবাহিত কৰিছিল। প্ৰসংগক্ৰমে এইখিনিতে এটা কথা উল্লেখ কৰা উচিত হ’ব যে মই সেই সময়ত পোৱাসকলৰ ভিতৰত তচদ্দুকেই সম্ভবতঃ অনাতাঁৰ নাট্য প্ৰচাৰৰ শ্ৰেষ্ঠ কণ্ঠ আছিল বুলিলে বোধহয় বহলাই কোৱা তেওঁৰ সংলাপ সমূহ হৃদয়ৰ নিভৃত কোণৰ পৰা ঐশ্বৰ্য্যময় কণ্ঠেৰে সুশ্ৰাব্য হৈ নিজৰি ওলাইছিল।

 বিবাহ বন্ধনত আবদ্ধ হোৱা বা জীৱনৰ এটা ঠাইতে স্থিৰ হৈ থকাটো তচদ্দুকৰ মানসিকতাত নাছিল। মই তেওঁক বুজামতে, ছেলুলয়ডৰ জগতত এখন স্থায়ী আসন অধিকাৰ কৰিবলৈ খৰখেদা লগোৱা তচদ্দুক এজন ডেকা মানুহ আছিল। কিন্তু মাইক্ৰোফোনেই হওক বা কেমেৰাই হওক, সেইবোৰৰ সমুখত তেওঁ আছিল এজন স্থিৰ আৰু শৃংখলাবদ্ধ পুৰুষ। এইষাৰ কথা ভুল নে নিৰ্ভুল হ’ব মই নাজানো, যদিহে কওঁ— চলচিত্ৰ আৰু অনাতাঁৰ প্ৰচাৰৰ ক্ষেত্ৰত যুগান্তৰৰ সৃষ্টি কৰা তচদ্দুক পঞ্চাছ আৰু ষাঠি দশকৰ
৬০