পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৯৫০ ৰ সময়ছোৱা তেওঁৰ বাবে অগ্ৰণী সময় আছিল। ডঃ ভূপেন হাজৰিকা তেতিয়া আমেৰিকাৰ পৰা ঘূৰি আহি সংগীত আৰু চলচিত্ৰজগতত মনোনিবেশ কৰিছিল। লক্ষ্যধৰ চৌধুৰীৰ দৰে ব্যক্তিযেও তেতিয়া অন্যান্যসকলৰ সৈতে অলপ অচৰপ পইছা যোগাৰ কৰি হয় ছিনেমা কৰাত ব্যস্ত হৈছিল অথবা ছিনেমা কৰাত আনক অনুপ্ৰাণিত কৰিছিল। আমাৰ বহু বুজনি আওকাণ কৰি তচদ্দুকে অনাতাঁৰ প্ৰচাৰৰ কাম এৰি দি ছবি কৰাত মনোনিবেশ কৰাত লাগিছিল। তেওঁ প্ৰায়েই মোৰ আগত ক্ষোভ প্ৰকাশ কৰি কৈছিলে যে চলচিত্ৰত প্ৰতিভা বিকাশ কৰিব পৰাকৈ বোধহয় কোনেও তেওঁক নায়কৰ চৰিত্ৰ ৰূপায়ন কৰাৰ সুযোগ নিদিব। আবেগ প্ৰবণ তচদ্দুকৰ, হাতত লোৱা সকলো কামৰ প্ৰতি আছিল একাগ্ৰতা। একো একোটা সময়ত তেওঁ এটাৰ পিছত আন এটা সন্ধিয়া ভাইটি (বিজয়) ভূঞা আৰু মোৰ সৈতে তেওঁৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰি কটাই দিছিল। ষাঠি দশকৰ শেষৰ পিনে আমাৰ মাজত যোগাযোগ কমি আহিছিল। অৱশ্যে গুৱাহাটী-কলিকতা বিমানত বা বিমানবন্দৰত আমাৰ প্ৰায়েই দেখা হৈছিল। সেইসময়ত তচদ্দুকে ছবিৰ ছুটিঙৰ

৫৯