পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বন্ধনৰ সমষ্টি আছিল। উৰ্বৰ কণ্ঠৰ ওখপাখ আৰু সুদৰ্শন তচদ্দুকৰ মাজত এক বিৰল অভিজাত অভিনয় প্ৰতিভা আছিল। মাইক্ৰোফনৰ অভিজ্ঞতাৰ মাজেৰে তচদ্দুকে অনতাঁৰ আৰু মঞ্চ নাটেৰে জীৱনৰ অধ্যায় মুকলি কৰিছিল। এইখিনিতে এটকথা উল্লেখ নকৰিলে তচদ্দুকৰ কণ্ঠৰ দিশৰ বৰ্ণনা সম্পূৰ্ণ নহ’ব; ঘোষণাসমূহৰ এক নিয়ন্ত্ৰিত স্তৰৰ মাজেৰে ইমান সুন্দৰভাবে তেওঁৰ কণ্ঠেৰে ধ্বনিত হৈছিল যে আকাশবাণীৰ অভিযন্ত সকলে ক’ণ্ট্ৰল ৰূমত বহি তেওঁৰ মাত নিয়ন্ত্ৰণ কৰিবলগীয়া নহৈছিল। অতি সোনকালে আমি বন্ধু হৈ পৰিছিলোঁ। তচদ্দুকে প্ৰায়েই মোৰ লগত অনাতাঁৰ, মঞ্চ আৰু চলচিত্ৰ সম্পৰ্কীয় বিষয়লৈ আলোচনা কৰিছিল।

 তচদ্দুকৰ অনাতাঁৰ প্ৰচাৰ নাট প্ৰযোজনাৰ ক্ষেত্ৰত অতুলনীয় ভাবে প্ৰকাশ পাইছিল। মঞ্চ প্ৰযোজনাসমূহৰ ক্ষেত্ৰতো তেওঁ সমান নিষ্ঠাৰে কাম কৰিছিল। অভিনয় কৰিবলগীয়া চৰিত্ৰৰ বিষয়ে তেওঁ প্ৰায়েই গুৱাহাটীৰ বিভিন্ন মঞ্চ গোষ্ঠীৰ লগত আলোচনা কৰিছিল। জীৱনৰ প্ৰতি থকা অনুৰাগেৰে তচদ্দুকে প্ৰথম অৱস্থাত অনাতাঁৰ প্ৰচাৰ আৰু পিছলৈ চলচিত্ৰ জগতত আত্মোৎসৰ্গ কৰিছিল।
৫৮