এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


প্ৰচাৰ হবলগীয়া অনুষ্ঠান সমূহৰ ঘোষণাবোৰ তেওঁ লিখি লৈছিল। তেওঁৰ লিখনিৰ ধৰণে মোৰ মনত তেতিয়া বাৰুকৈয়ে ৰেখাপাত কৰিছিল। এটুকুৰা কাগজতে তেওঁ ঘোষণা লিখিবলৈ বহিছিল, নিজেই পঢ়ি চাইছিল। মনঃপুত হ’লে বাকী অংশ লিখিবলৈ আৰম্ভ কৰিছিল। মনঃপুত নহলে কাটি পেলাইছিল। ভাবি ভাবি আকৌ নকৈ লিখিছিল। ১৯৪৪ চনৰ ছাত্ৰ অবস্থাৰপৰাই ময়ো এজন ঘোষক আছিলোঁ। তেতিয়াই মই বহু বলিষ্ঠ ঘোষকক দেখিছিলোঁ। তেওঁলোকে ঘোষণা কৰিবলগীয়া কথাখিনি লিখে আৰু আঙুলিৰে নিজ কাণৰ ফুটা বন্ধ কৰি ডাঙৰ ডাঙৰকৈ পঢ়ে। ইয়াৰ ফলত তেওঁলোকৰ পক্ষে নিজৰ মাতৰ গুণা-গুণ পৰীক্ষা কৰা আৰু নিজৰ কণ্ঠ অনাতাঁৰ প্ৰচাৰৰ উপযোগী কৰি তোলাত সহায় হৈছিল। তচদ্দুকে ঘোষণা কৰা কথাখিনি স্বাভাৱিক ভাবেই বাৰে বাৰে পঢ়িছিল। যে কোনোবাই আহি তেওঁক চিঞৰি ক’বলীয়া হৈছিল— ষ্টুডিঅ’ত সোমোৱাৰ সময় হ’ল। তেওঁৰ গভীৰ কণ্ঠৰ ঘোষণা প্ৰথম বাৰ শুনিয়েই মই ভীষণ ভাবে প্ৰভাবাণ্বিত হৈছিলোঁ। মাইক্ৰোফনৰ ধ্বনি অতুলনীয় ভাবে সজাই তোলা তেওঁৰ সেই কণ্ঠ উপযুক্ত সুৰ

৫৭