পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

শিল্পী বন্ধু তচদ্দুক

জে. ডি. বাভেজা

 

জীৱনৰ এক অখণ্ড অংশ আৰু ঘনিষ্ট বন্ধু হৈ থকা ব্যক্তি এজনৰ বিষয়ে লিখাটো স্বাভাবিকতেই বৰ কষ্ট সাধ্য কাম। মোৰ বন্ধু তচদ্দুক ইউছুফে কৰুণ ভাবে ইহলীলা সম্বৰণ কৰাৰ বাতৰি যোৱা দহ আগষ্টত (১৯৮২) শুনাৰে পৰা তেওঁৰ বিষয়ে লিখাৰ কথা চিন্তা কৰি আছিলোঁ। কিন্তু এই কামটো মোৰ বাবে বৰ সহজ নাছিল।

 তচদ্দুকৰ লগত মোৰ ডেৰ কুৰি বছৰীয়া পুৰণি সম্পৰ্ক আছিল। যোৱা কেইবছৰমান মই অসমৰ বাহিৰত থকা সময়ছোৱাৰ বাহিৰে বাকী কালছোৱা আমি ইজনে সিজনৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলিছিলোঁ। তচদ্দুকৰ লগত প্ৰথম চিনাকী ১৯৫০ চনত। আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰ তেতিয়া উজান বজাৰত আছিল। তাৰে কোঠাৰ এটা চুকত বহি প্ৰচাৰ কৰিবলগীয়া কথাখিনি লিখি থকাটো তচদ্দুকৰ এটা অভ্যাস আছিল। কি কি লিখিছিল সেইকথা সঠিক ভাবে মনত নপৰিলেও এইকথা মোৰ আজিও মনত পৰে যে
৫৬