I am not what I am.
ছেক্সপিয়েৰৰ অত্যন্ত নিষ্ঠুৰ অথচ বাহিৰত অতি ভদ্ৰ মানুহ হিচাপে থকা ইয়াগো চৰিত্ৰটিয়ে এই সংলাটি যিটো অৰ্থত কৈছিল— কোৱা বাহুল্য বাপুদাৰ ক্ষেত্ৰত এই সংলাপটিৰ অৰ্থ আছিল সম্পূৰ্ণ বিপৰীত মেৰুৰ। অথচ দুয়োজন মানুহৰ মাজত কি এক ‘বৈসাদৃশ্যৰ মাজৰ সাদৃশ্য’!
সোণালীখিনি মচি নিদিবা,
বুকুজুৰি বৈ থাকক…
হীৰেন ভট্টাচাৰ্য্যৰ এই কবিতাটি আবৃত্তি বাপুদাৰ (যিটো বাপুদাৰ খুব প্ৰিয় আছিল) বহুবাৰ শুনিছোঁ— কেতিয়াবা বন্ধ কোঠাৰ খিৰিকীৰ মাজেৰে বৈ অহা জোনাকত, কেতিয়াবা জোনাকি ধবল নিশা। কলঙৰ দলঙত থিয় হৈ হৈ।
বাপুদাৰ জীৱনৰ ‘সোণালীখিনি’ তেওঁৰ গুণমুগ্ধ সকলৰ মনৰ পৰা কোনেও মচি দিব নোৱাৰে; ই বুকুজুৰি বৈয়েই থাকিব আৰু তাৰেই এক অকিঞ্চনমূৰ্ত প্ৰকাশ ‘আমাৰ চিনাকি তচদ্দুক।’ শিক্ষাৰ পূৰ্ণতাত বিশ্বাসী, বহু প্ৰতিভাৰ অভিজাত গৰাকী তচদ্দুক ইউছুফৰ গুণমুগ্ধ ‘বিস্ময়’ আৰু ‘ৰংঘৰ’ৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিয়ে বাপুদাৰ প্ৰতি সম্মান জনোৱাৰ এক নম্ৰ প্ৰয়াস এই