পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ জীৱনৰ স্মতিপটত এজন বিশেষ ব্যক্তি হিচাপে সদায় জিলিকি থাকিব।

এক— জীৱনত মই প্ৰথম ছিনেমাৰ ছুটিং (দৃশ্য গ্ৰহণ) দেখোঁ তেজপুৰৰ আমাৰ ভিনদেউহ’তৰ ঘৰত স্বৰ্গীয় ফণী শৰ্মাদেৱৰ ‘পুৱতি নিশাৰ সপোন’ৰ। ছবিখনৰ নায়ক আছিল বাপুদা। তচদ্দুক ইউছুফক মই জীৱনত প্ৰথম দেখিছিলোঁ মুখত মেক্‌আপৰে এজন ফিল্মৰ অভিনেতা হিচাপে তেজপুৰতেই। সিদিনা।

দুই— মোৰ পৰিচালিত প্ৰথম তিনিখন ছবি অৰণ্য, কাজিৰঙাৰ কাহিনী (মুক্তি অৱশ্যে বহুত পিচত হৈছে), পুতলা ঘৰত একাদিক্ৰমে তেখেতে অভিনয় কৰিছে। অৰণ্য আৰু পুতলা ঘৰত তেওঁ যি আন্তৰিকতাৰে অভিনয় কৰিছিল, সিয়ে মোক ছুটিং কৰি থাকোঁতে এখন ভাল ছবি কৰাৰ মানসিকতাৰ সৃষ্টি কৰি দিছিল। তাৰ বাবে তেখেতৰ ওচৰত মই কৃতজ্ঞ।

তিনি— তেখেতৰ ওচৰত মোৰ আটাইতকৈ বেছি শ্ৰদ্ধা উপজিছিল এটা বিশষে কাৰণতহে। এসময়ত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনটো ‘জাতীয় নাট্যশালা’ হ’ব লাগে বুলি বৰকৈ দাবী উঠিছিল। হঠাতে চৰকাৰেও ঘোষণা কৰিলে ৰবীন্দ্ৰ ভৱনটো ‘জাতীয়
২৮