পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিলে তচদ্দুক ইউছুফকো। আৰম্ভ’কলহ তেওঁৰ চলচিত্ৰত জয় যাত্ৰা। ‘এৰাবাটৰ সুৰ’ৰ পিছৰ ছবিখনত বিশেষকৈ ‘ধুমুহা’, ‘পূবেৰুণ’, ‘কাঁচঘৰ’, ‘পূৱতি নিশাৰ সপোন’, ‘নিয়তি’ আদিত তেওঁৰ অভিনয়ে পূৰ্ণ উৎকৰ্ষ লাভ কৰিব নোৱাৰিলে। হয়তো সেই চলচিত্ৰ সমূহত তেওঁ পোৱা সীমিত সুযোগৰ বাবেই হওক বা অন্য কাৰণতেই হওক। ‘পাপ আৰু প্ৰায়শ্চিত্ত’ ‘কাজিৰঙাৰ কাহিনী’ আদি চৰিত্ৰৰ অভিনয়তো একপ্ৰকাৰ মেনাৰিজিম্‌ৰ প্ৰভাব সুস্পষ্ট। অৱশ্যে কাঁচঘৰ, অৰণ্য আৰু দূৰণিৰ ৰঙত তেওঁৰ অভিনয়ৰ বলিষ্ঠতাৰ ছাপ প্ৰতিফলিত হৈছে।

কিন্তু তাতোকৈ দুভাৰ্গ্যৰ কথা, পিছলৈ প্ৰযোজক পৰিচালকৰ কাৰণে তেওঁ নিতান্ত দুষ্প্ৰাপ্য দুৰ্বোধ্য শিল্পী হিচাপে পৰিগণিত হ’বলৈ ধৰিলে। ইংৰাজীতে যাক ‘Hot potato’ বোলা হয়। বিশেষকৈ তেওঁৰ Steriotyped mannerism আৰু ইউনিটত দুৰ্বোধ্য, অসংবৰণীয় আচৰণৰ কাৰণে বহু চলচিত্ৰত অভিনয় কৰিবলগীয়া হোৱা সত্বেও শেষ মুহূৰ্তত হৈ নুঠিলগৈ। অথচ সেইবোৰ চলচিত্ৰ তেওঁৰ বাবে যোগ্য ভাও আছিল যাৰ যোগেদিও তেওঁৰ প্ৰতিভা বিকশিত হোৱা পৰ্য্যাপ্ত সুযোগ
২২