পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একান্ত আগ্ৰহেৰে ওপৰলৈ চাই ৰ’ল ককায়েক বাপুৱে— কাঁড়ডাল উভতি অহা। কাঁড়ডাল ঠিকেই উভতি আহিল। কিন্তু ভাগ্যৰ কি পৰিহাস! সেই কাঁড়ডালেই উভতি আহি পোনচাটেই সোমাল বাপুৰ চকুত। এটা চকু চিৰকাললৈ ঘূণীয়া হৈ গ’ল। সেয়েহে পাথৰৰ চকুৰ মণি লগোৱা তচদ্দুকে সদায় ডাঠ ৰঙীন চচমাৰে চকু আৱৰি ৰাখিব লগীয়া হ’ল— আজীৱন, আমৃত্যু, আৰু আমিও শৈশৱতে খেলৰ লামলাকটু সামগ্ৰীৰপৰা আমাৰ প্ৰিয় ‘ধেনু-কাঁড়’ চিৰকালৰ বাবে হেৰুৱাব লগীয়া হলোঁ। অভিভাবকৰ কঠোৰ শাসনত ধেনু-কাঁড় লৈ খেলাৰো মুদা মৰি থাকিল।

ডেকাবয়সত

ইয়াৰ পিছত তচদ্দুক ইউছুফক ডেকা বয়সত আমি আকৌ লগ পাওঁ গুৱাহাটীত। তেওঁ তেতিয়া কলেজীয়া চফল ডেকা। কটন কলেজত সম্ভবতঃ তেওঁ দুবছমানহে পঢ়িছিল। ইতিমধ্যে তেওঁৰ কণ্ঠস্বৰত আহি পৰিছে এক সুগভীৰ স্বৰমাধুৰ্য্য আৰু বচনভংগীত থিতাপি লৈছে এক নিজস্ব বৈশিষ্ট— স্বকীয় ষ্টাইল। এই অননুকৰণীয় সম্পদেৰে বলীয়ান হৈ তেওঁ পদাৰ্পণ কৰিলে মঞ্চৰ লগতে ৰেডিঅ’ত। স্বৰগ্ৰামৰ আৰোহণ অবৰোহণৰ নিজা খেল দেখুৱা-

১৯