এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


নীয়াৰ মাজত ‘তচদ্দুক’ ‘দাদা’ হৈ থাকিল। আনহাতে আকৌ তেতিয়া মোৰ দৰে কৃশকায় ল’ৰাৰ প্ৰতি ‘বাপু’ৰ আছিল অপৰিসীম কৰুণা, গভীৰ সহানুভূতি। ফলত কোনো বাদবিসম্বাদতে আমাৰ ওপৰত কোনোৱে জুলুম কৰিবলৈ সাহ কৰা নাছিল। একমাত্ৰ ‘দলপতি’ৰ কৰুণাৰ বাবে। আজিও কথাষাৰ যেতিয়া চিন্তা কৰোঁ− তেতিয়াই মনলৈ প্ৰশ্ন আহে− দুৰ্বলৰ প্ৰতি এই পক্ষপাতিত্ব সেই ল’ৰাজনৰ কৰুণা নে পুতৌৰ চানেকি? হয়তো দুয়োটাই। স্বাভাৱিকতে নেতৃত্ব ল’ব পৰা গুণৰ অধিকাৰী হৈয়ো ‘তচদ্দুক’− শিল্পী তচদ্দুকে আনক নেতৃত্ব দিয়াৰ কথা বাদেই, নিজকেই ঠিকমতে পৰিচালিত কৰিব নোৱাৰিলে কিয়? বহু সৃষ্টিৰ সম্ভাৱনা লৈয়ো সৃষ্টিবিমুখ হৈ তেওঁ আঁতৰি গ’ল কিয়? হয়তো তেওঁৰ বাবে এই পৰিণতিয়েই নিৰ্ধাৰিত আছিল।

চিলঠৰ ‘উড়ন্ত চাকি' আৰু ‘বুমেৰাং’

এদিনাখনৰ কথা। মোৰ চিলঠখনত কাঠৰ ‘বাও’ (ফ্ৰেম)প্ৰায় নাছিলেই। বাওকিডল প্ৰায়ে খুলি হাতত তুলি লওঁ। স্কেলৰ অভাৱত আঁক মাৰিবলৈ ব্যৱহাৰ কৰোঁ আৰু দৰকাৰ হলে (সমনীয়াৰ লগত বাদানুবাদত আত্মৰক্ষাৰ বাবে) প্ৰায়ে কাঠৰ তৰোৱালৰ
১৬