পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খনেই আগবেঞ্চত মোৰ কাষতে বহিব দিলে। বহিল। নামটো ক’বলৈ দিয়াত তপৰাই কলে— “তচদ্দুক ইউছুফ”। আদিত্য ছাৰৰ পিছৰ হুকুমটো হ’ল— “ব’ৰ্ডলৈ আহা আৰু বনানটো লিখা।” সম্ভবতঃ ছাৰে নামৰ বানানটো কি লিখিব ধৰিব পৰা নাছিল। সিদিনা ল’ৰাজনে ব’ৰ্ডত লিখা নামটো ছাৰৰ হাজিৰা বহীত নিৰ্ভুলভাবে উঠিল। আৰু প্ৰায় লগে লগেই নামটো আমাৰ শ্ৰেণীৰ ডেৰকুৰিৰো ওপৰ ল’ৰা-ছোৱালীৰ মনৰ ফলিত লিখা হৈ ৰ’ল। মাত্ৰ এবছৰ আমাৰ শ্ৰেণীত আছিল তচদ্দুক। কিন্তু আমাৰ হৃদয়ৰ আসন অধিকাৰ কৰি লৈছিল তেওঁ। কাৰণটো কওঁ।

দাদাগিৰি

কেবল সাজ-পাৰত ফিট্‌ফাট্ হলেই কথা নাছিল, কথাই বতৰাই কামে-কাজে সকলোতে ফিট্‌ফাট্। আনকি সমনীয়াৰ লগত বাদবিসম্বাদতো। দাম্ভিক দুৰ্দান্ত দলনেতা দমন কৰাত ‘বাপু’ (তচদ্দুকৰ ঘৰত মতা নাম) আছিল সিদ্ধহস্ত। ইয়াৰ আগলৈকে শাৰিৰীক সক্ষমতাৰ বলত নেতা বোলাই থকা ল’ৰাই ৰণভংগ দি ‘বাপু’ক নেতৃত্বৰ ভাৰ এৰি দিলে। আজিকালি ইয়াকেই সম্ভৱ ‘দাদাগিৰি’ বোলে। আমাৰ লগত থকা সময়খিনি চেনীকুঠী স্কুলৰ সম-

১৫