এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 

হৃদয়ত লিখি থোৱা এটি নাম
বাদল দাস

 

১৯৪৩ চনৰ গুৱাহাটী। চেনীকুঠী এল. পি স্কুল। তেতিয়া স্কুলঘৰটো ঠিক এতিয়াৰ ঠাইত নাছিল। এতিয়া স্কুল মানিকচন্দ্ৰ ৰোডৰ দাঁতিত, কামৰূপ একাডেমিৰ গাতে লগা। কিন্তু তেতিয়া কমলাকান্ত ভট্টাচাৰ্য্য গলিটো পশ্চিমমূৰে যি ঠাইত মাণিকচন্দ্ৰ বৰুৱা পথত লগ লাগি তিনি আলিৰ সৃষ্টি কৰিছে তাৰ বিপৰীত ফালে ৺পমপু সিংহৰ ঘৰৰ দক্ষিণ সীমাত আছিল স্কুলখন। আজিতকৈ দুকুৰি বছৰৰো ওপৰৰ কথা।

শৈশবৰ সোঁৱৰণ

আমি তেতিয়া দ্বিতীয়মান শ্ৰেণীত। পিছৰ বছৰতে এল. পি. বৃত্তি পৰীক্ষা দিব লাগিব। সেইবাবে ৺চণ্ডীচৰণ শৰ্মা (প্ৰধান শিক্ষক) তেতিয়াৰপৰাই আমাক লৈ ব্যস্ত। ঠিক সেইবছৰতে আমাৰ শ্ৰেণীলৈ আহিল এজন নতুন ল’ৰা। দেউতাক মাটিৰ বৰ হাকিম এ-ডি-এল-আৰ (ADLR)। ফিটফাট সাজপাৰ পিন্ধা ল’ৰাজনক আদিত্য ছাৰে প্ৰথম দিনা-