এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ঔষধিপ্ৰস্থ ৰজাৰ কাৰেঙ, গ ইন ও শিলা আসনত হিমালয় আৰু মেনকা বহি কথা হৈছে। | নিয়ৰ আকাশ ছোৱা শুকুলা ফিীত পুৱাৰ প্ৰথম ৰং-চেৰেঙা পৰি তিৰবিৰাইছে। হিম- তপস্যা বলে পালে। আমি, প্ৰিয়ে! জীৱনৰতন এই তনয়া-প্ৰতিমা। কচি খোৱা পাপ-পুণ্য সিটো জনমৰ, সুকৃতি-প্ৰকৃতি যত পূৰ্ব্ব সাধনাৰ নিশ্চয় সকলে মিলে এই জীৱনত; সেই অনুসাৰে দিয়ে ভাগ্যই বিলাই ঘঁহি-মশ্ৰ জীৱন-পত। পিছে, ৰাণি? যৌৱন-সূৰ্যৰ নৱ কিৰণ-নিৰ্ম্মালি। পাৰ্বতীৰ পৰিছে শিৰত; সেইদেখি দিঠকতে সপোনৰ মোৰ; পশুপৰী, তক- সতা সকলোৰে মাজে, উঠিছে শিমুৰি প্ৰাণময় প্ৰেমৰ মূৰতি; সময় বিৰিঙি পৰিছে নৱ যৌৱন আভাস। মন—বুজিছো সকলো, নাথ। সুমনীয়। গোৰী মোৰ, তৰি দিছে নৰ যৌৱনত। কিন্তু, না! কাৰ কাৰণে বাৰু মোৰ যোগা বৰ ক’ত স্থিৰ। কেতিয়াই কলে। মই দিলে জানো াি ঘন-কাণ?