এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
[ প্ৰথম অঙ্কম মৃ
আৰু তাতে ছল ছাই, চোকা শৰ হানি
মিলন-মাল পাণ কৰিবা দুইকে।
মদন-উত্তম ব্যৱস্থা এয়ে। নাৰদৰ উপদেশে
উমা যদি পাৰে হব আশ্ৰম-সেবিকা,
আৰু কি লাগিছে মোক! ততালিকে
অকাল বসন্ত মই কৰিম সূচনা।
গছে গছে ফুলে ফুলে স্ব’বই বই
মাধৱীৰ মৃদুল হিল্লোল; কানন
কোকিলৰ কণ্ঠস্বৰ শুনি, মহেশৰ
পৰাণতো দাকিব মনে! সাজু হই
থাকি মই, ইন্দ্ৰৰ বজ্ৰতো সুকঠোৰ
অব্যৰ্থ কুসুম-শৰ এৰিম তেতিয়া।
মাগিলে। মেলানি, স্বল। আপোনাৰ
প্ৰতিজ্ঞা নাপালি মই নাহিম উলটি।
ই--যোৱা, তুমি জয়যুক্ত হোৱা, ৰতিপতি!
পুনৰ সেৱা জনাই মন পাই না।
জিলিঙনি দেখিছো আশাৰ! এতিয়াও
হোৱা নাই অস্তমিত ইন্দ্ৰৰ প্ৰভাৱ!
দেৱতাসকল, ধোৱা সৱে ঘৰাথৰি;
খন্তেক জিৰাওঁ ময়ো শান্তিৰ মোহত।
সকলো হিহি স্বাৰ।