পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰঙ্গিলী

সৎৰাম বা সতাই নামেৰে এটা পুতেক আৰু কেতেকী নামেৰে এজনী জীয়েক আৰু পৰিবাৰ এগৰাকী আছিল। ভূতে খেতি কৰিবলৈ ৰজা ঘৰৰপৰা নিষ্কৰ মাটি চাৰি পুৰা, এহাল ম’হ, আৰু দুটা পাইক পাইছিল। পাইক দুটাই বাৰ মাহৰ বাৰটা খেতি কৰিছিল আৰু ম’হ হালো চাৰিছিল। জীয়েক কেতেকীয়ে মাকৰ হাত আগুৰি দিছিল। পুতেক সৎৰামে নিতৌ বাপেকৰ লগত বাপেকক সহায় কৰিবলৈ ৰজাঘৰলৈ গৈছিল। দিনৰ সাজ ভাত দুয়ো বাপেক পুতেকে ৰজাঘৰতে খাইছিল। বুৰঞ্জীত আছে যে ৺চন্দ্ৰকান্ত সিংহ কোমল বয়সৰ বাবে সৰুৰেপৰা আন লগৰীয়া নাপাই এই ভূতৰ পুতেকৰ লগতে খেলিছিল। এইদৰে সৰুৰেপৰা খেলৰ লগৰীয়া হোৱাৰ বাবে যেতিয়া পোন্ধৰ বছৰ বয়সত ৺চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ ৰজা হল, তেতিয়া ৰাজমাৱত কাবৌ-কোকালি কৰি মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঁইক সম্মত কৰাই সৎৰামক যৌৱনৰ প্ৰাৰম্ভতো খেলৰ লগৰীয়া কৰি স্বৰ্গদেৱে তাক প্ৰায় সততে লগতে ৰাখিছিল। যৌৱনৰ প্ৰাৰম্ভৰ আৰু শৈশৱৰ খেলাৰ প্ৰভেদ ইমানেই আছিল যে ৰজা হোৱাৰপৰা স্বৰ্গদেৱে দিনত খেল খেলি নুফুৰিছিল। কিন্তু নিশা হলে গধূলিৰপৰা প্ৰায় ডেৰপৰ নিশালৈকে ৰজাই সৎৰাম, শান্তিৰাম আৰু জয়ৰাম নামেৰে লৰা তিনটাৰ লগত সদায় ৰংধেমালি কৰিছিল। আমাৰ এই কাহিনীৰ সময়ত সৎৰামৰ বয়স উনৈশ আৰু ৰজাৰ ষোল বছৰ আছিল। সি দুটা লৰাও প্ৰায় এনেকুৱা বয়সৰে। শান্তিৰাৰ কিজানি উনৈশ বছৰ উকলি কুৰি বছৰত সোমাইছিল। ভূতৰ পুতেক সৎৰাম সৰুৰে পৰা বৰ চোকা বুদ্ধিৰ আছিল। চাওডাঙ্গৰ লৰা হলেও দেখোনত সৎৰাম এজন সুপুৰুষ আছিল। সৰুৰেপৰা ডাঙ্গৰ বিষয়াসকলৰ কথা-বতৰাব আও-ভাও জনা বাবে তেওঁৰ বুদ্ধিটোও মাৰ্জ্জিত আছিল,