পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

ৰোগ চিকিৎসা কৰি ৰোৰ্গীক ভাল কৰিছিল। অনেকেই হেনো বৃন্দাবনত এ বৈষ্ণৱীজনাক প্ৰেমময়ী বাবাৰ অৱতাৰ যেন ভাবি ভক্তিও কৰিছিল। বৃন্দাবনৰ পাণ্ডাসকলে আন কি দূৰ-দূৰান্তৰপৰা বৃন্দাবনলৈ অহা ডাঙৰ ডাঙৰ যোগী ঋষিসকলেও এওঁক শ্ৰদ্ধাভক্তি কৰিছিল। আমাৰ অসমীয়া তীৰ্থযাত্ৰী বৈষ্ণৱজনে হেনো এই মহাবৈষ্ণবীৰ গুণ আৰু কথা শুনি বিচবি বিচাৰি এওঁৰ কুটীৰলৈ গৈছিল আৰু নিজকে অসমীয়া বুলি কৈ হেনো বৈষ্ণবী মাতৃৰে সৈতে কথা-বতৰা পাতিছিল। বৈষ্ণবজনাই হেনো মানৰ প্ৰথম আক্ৰমণ আৰু সন্ধি হবৰেপৰা অসমত কি কি ঘটনা হৈছিল সমস্ত সুধি পুচি লৈছিল। শেহত হেনো বৈষ্ণৱজনৰ কাতৰ উক্তি এৰাব নোৱাৰি তেওঁ পৰিচয় দিছিল যে তেওঁ আগৰ অসমীয়া মানুহেই। তেওঁৰ সব ৰংপুৰত********** তেওঁৰ হেনো পিতৃ-মাতৃয়ে দিয়া****************************** হেনো সুধিছিল—“মা**************************************** এইদৰে কেলেই**************************************** অসমত মোৰ****************************************