পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
শান্তিৰামৰ অশান্তি

কৈ পেলালো— “পদুমি! মই তোমাক ভাল পাওঁ। তুমি ভাল পোৱানে?” তাই দেখোন মোৰ কথাষাৰত কোনো উত্তৰ নিদি গুচি গল। কি জানি তাই বেয়া পাই মাক বাপেকক মই তাইক নৈৰ ঘাটত জোকালো বুলি লগাই দি অনৰ্থ ঘটায়! কি জানি তাই মোক ঘিণ কৰে। সখি! মই একো উৱাদিহকে পোৱা নাই।”

 সৎৰাম – “বাৰু সখি! কোৱাচোন গাঁৱৰ মানুহে তাই কেনে বিধৰ ছোৱালী বুলি কয়।

 শান্তিৰাম – “গাৱৰ মানুহৰ কেৱে কেৱে কয় – তাই হেনো অহঙ্কাৰী বিধৰ ছোৱালী। কেৱে কেৱ কয় তাই হেনো গহীন বিধৰ। সখি! কোনটো সঠিক মই হলে কব নোৱাৰে।

 সৎৰাম – “বাৰু সখি! আৰু এটা কথা সেধো। তুমি যে তাইক ভাল পোৱা সেইটো নো কি বিধৰ? তুমি তাইৰে সৈতে গোপন পীৰিতি কৰিব খোজা, নে তাইক জীৱনৰ লগৰী কৰি লব খোজা?

 শান্তিৰাম – “সখি! তাইক মই মোৰ জীৱনৰ লগৰী, ধৰ্মপত্নী স্বৰূপেহে পাবলৈ খোজোঁ। তাইলৈ মই কোনো পাপ ভাব কৰিব নোৱাৰোঁ।”

 সৎৰাম – “সখি! বুজিলোঁ৷ তোমাৰ হৃদয়ৰ কথা। তুমি তাইকে মন প্ৰাণ সমৰ্পিলা। তোমাক তোমাৰ যৌৱনৰ তেজে আৰু তাইৰ ৰূপ-মাধুৰীয়ে তাইৰ গোলাম কবিলে! কিন্তু সখি! তোলন কাকতী দেখোন আমাৰ বিপক্ষ বুঢ়াগোহাঁইৰ ফৈদৰ মানুহ। তোলনে তাৰ জীউতো গলেও তাইক তোমালৈ নিদিয়ে। তেনেকুৱা স্থলত তুমি তাইৰ আশা এৰা ভাল। তাইৰ নিচিনা বা তাইতকৈও কত ভাল ধুনীয়া ধুনীয়া ছোৱালী পাবা।”

 শান্তিৰাম – “সখি! অৱশ্যে এইটো সঁচা যে তাইৰ বাপেকে