পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
সৎৰামৰ ঘৰত

যিমান পাৰোঁ তোমাক চুমা দিম।” এই বুলি কৈয়েই কেতেকীয়ে চাত কৰি ঘৰৰ ফাললৈ লৰি গল। জয়ৰাম ৰজাঘৰৰ ফাললৈ খোজ ললে। খোজ লোৱাৰ লগে লগে বাটে বাটে কেতেকীয়ে শুনাকৈ গালে –

(১)
ৰূপৰ সাগৰত মজলি সোণাই ঐ
ৰূপতে ঘুণীয়া হলু,
তোমাৰ ৰূপকে গুণোতে ভাবোতে
বলীয়া হোৱাদি হলুঁ।
(২)
ঢাৰি পাৰি ঠেৰেজু লেখোঁ প্ৰাণেশ্বৰি।
পাটী পাৰি ঠেৰেজু লেখোঁ,
তোমাৰে নিচিনা ৰঙা বৰণীয়া
ৰাতি সমাজিকত দেখোঁ।
⸻⸻