সৎৰাম —যদি আজি লাগে তেন্তে তই এতিয়াই খাই যা।
ৰঙ্গিলী —এ পায়! মই এই মাত্ৰ গলৰ গুৰিলৈকে এসোপা ভৰাই আহিছোঁ, ইয়াৰ ওপৰত নো কেনেকৈ খাম? কাবৌ কৰিছোঁ সতাই কা! এতিয়া নধৰিবি।
সৎৰাম —তেন্তে ৰঙ্গিলি! আমিও আজি নাযাও আৰু কি জানি তহঁতৰ ঘৰলৈ খাবলৈ নাযামেই।
ৰঙ্গিলী —সঁচা কৈছনে তাই কা?
সৎৰাম — (মিচিককৈ হাঁহি) সঁচা কৈছোঁ।
ৰঙ্গিলী — তেন্তে মইও কওঁ শুন। মইও আৰু তহঁতৰ ঘৰলৈ নাহিমেই তাৰ উপৰিও কেতেকী আৰু তোৰ লগত বিহু নাচিব গাবলৈ এৰিম।
সৎৰাম — সঁচা কৈ নে ৰঙ্গিলি?
ৰঙ্গিলী — মইনো কেতিয়া মিছা কওঁ তোৰ আগত সতাই কা?
সৎৰাম — বাৰু তেন্তে আজি ভাটবেলীয়াই যাম, কিন্তু যদি আজি ভাটবেলীয়া পথাৰত বিহু হয় তেন্তে তই জানো নাচিবি?
ৰঙ্গিলী — তহঁতে যদি আমাৰ ঘৰত খাৱ তেন্তে তহঁতক খুৱাই বুৱাই উঠি পাথাৰলৈ লগসমনীয়াৰে সৈতে বিহু গাবলৈ আৰু নাচিবলৈ যামতো।
সৎৰাম— তেন্তে তহঁতৰ ঘৰত গৈ আজি খামগৈ অ। কিন্তু কচোন ৰঙ্গিলী আমাকনো কি কি খুৱাবি।
ৰঙ্গিলী — খাবলৈ গৈ বহিলেই পাবি নহয়।
সৎৰাম — নহয় এতিয়াই ক আকৌ। তেহে তৈয়াৰ হৈ যাব পাৰোঁ। বৰু আন দিয় বা নিদিয় এটুপি ভাল ফটিকা দিব পাৰিবিনে?
ৰঙ্গিলী — এ আমি আকৌ দুখীয়া মানুহেনো ভাল ফটিকা কত পাম। যি আছে তাকে দিম।