পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
সীতাহৰণ-কাব্য

“ৰাধা কৃষ্ণ ৰাধা কৃষ্ণ, কৃষ্ণ কৃষ্ণ ৰাম”
বহুবাৰ শিক্ষা দিলে; মধুময় ইটো
বাণী নাসিলেও মুখে, অপভ্ৰংশ তাৰ
“অধা কীট আধা কীট, কীট কীট আম”
নিঃসৰে বদনে কিবা। নাপালেও, দেবি!
সম্পূৰ্ণ অঘূণ আম; পূৰ্ণ মনস্কাম,
অৰ্ধেক পালেও ফল অৰ্দ্ধ কীটময়।
ভোলা-টিঁয়া বাৰম্বাৰ ভুলে শিক্ষাবাণী,
স্মৰোৱা পুনশ্চ মাতঃ সুশ্বেত-বৰণি।
 মুগ্ধ দশঙ্কন্ধ, শুনি শূৰ্পনখা মুখে।
সীতাৰ অপূৰ্ব্বৰূপ। বিশ্ব-বিমোহিনী
ৰূপৰাশি আসি যক্ষকুলেন্দ্ৰ-নয়নে
ভাসিলা; দেখিলা যেন সুচাৰু হাসিনী
স্বচক্ষে কৰ্ব্বুৰবৰ। সুধাকৰ দেখি
মত্ত কাল বাহু যথা, মত্ত মহাবাহু
সুধাকৰ মুখী-ৰূপে; বাঢ়িলেক লোভ
লোভীৰ, লভিবে লক্ষী শ্ৰীৰাম ললনা।
কিন্তু কি উপায়ে আশা হুই পুৰণ;
ৰাম-সিংহ-বক্ষঃশোভী ৰতন অতুল,
কিম্বা ভুজঙ্গম মণি,—দুৰলভ ধন,


 ‘নিঃসৰে বদনে কিবা’—কিবা জানি মুখত ওলাষ বা আহে।  সুধাকমুখী-ৰূপে—চন্দ্ৰমুখী সীতাৰ ৰূপত। ললনা—পত্নী।