পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
সীতাহৰণ-কাব্য।

শূৰ্পনখা; নেদেখিলোঁ মূৰতি মোহন।”
 আৰু এক বালা পাছে কহিবে লাগিলা
“শুনিছোঁ শ্ৰীৰাম থাকি লক্ষণ উত্তম;
ৰতিপতি মৰি বোলে হৰ কোপানলে
জন্মিলা লক্ষণ হুয়া। অপ্সৰী সদৃশ
নধৰিলোঁ পক্ষ ভুজে; কিম্বা শূন্য গতি,
যথা শূৰ্পনখা ধৰে, নধৰিলোঁ দেহে।
ধৰিলে উড়িলোঁ হয় ঘূৰাবে নয়ন।
নিৰখি মধুৰ ৰূপ। মন হাবিলাষ
ৰহিল মনতে।” আৰু ৰূপসী কহিলা,
 “কি হব থাকিলে ৰূপ? কঠিন হৃদয়
পুৰুষ। পুড়িয়া প্ৰেমে দানব-প্ৰেয়সী
চলিলা বেছেৰী দেহি বৰিবে তপস্বী
পতিপদে। কিনো সিটো নীৰস মানব,
বঞ্চিলে আশাত! কিনো নিৰ্দ্দয় অন্তৰ!
কাটে আকৌ নাক কাণ, হায় হায় দেহি!”
 কহিলা ৰূপসী অন্য, “দোষিলে কি হব
অপৰক? নৈকষেয়া নোহে কিন্তু ভাল।
পৰম দ্বন্দুৰী; সদা কটুৰ বচন
দুৰ্ম্মুখে। কি বুজে প্ৰেম, কি বুজে সাদৰ,


 দানব-প্ৰেয়সী—শূৰ্পনখা; (শূৰ্পনখাৰ স্বামী পূৰ্ব্বে এটা দানব আছিল)