পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
শঙ্কৰদেৱ৷

প্ৰচণ্ড শবদে উথলিল জলৰাশি॥ উৰ্ম্মিৰ আন্দোলে জল প্ৰলম্পিল পুনু। চবভিতি গৈল জল গজশত ধনু॥ অনন্ত বীৰ্য্যৰ ইটো কোন অদভুত। পাছে আডম্বৰে কৃষ্ণে ক্ৰীড়িলা বহুত॥ দুই বাহু দণ্ডে ডাম্ফি মাৰি মহাৰঙ্গে। উথলান্ত জল যেন প্ৰমত্ত মাতঙ্গে॥ চোটত অটাস যেন ত্যজে হয় ও৷ যায় দশোদিশ তাৰ শবদ প্ৰচণ্ড॥” ইত্যাদি

——০০——

পঞ্চম আধ্যা।

 দশম আৰু কীৰ্ত্তনৰ বাহিৰেও মহাপুৰুষ শংকৰদেৱে আৰু অনেক পুথি ৰচনা কৰিছিল , তাৰ ভিতৰৰ খনচেৰেকৰ মাথোন উল্লেখ ইয়াত কৰিম৷ বহু স্বন্ধ ভাগৱতৰ আগছোৱা অজামিলোপাখ্যান শঙ্কৰদেৱে কৰিছিল। ,শেহছোৱা বৃত্ৰাসুৰ বধ অনন্ত কন্দলিয়ে কৰিছিল।

 শঙ্কৰদেৱৰ দশম আৰু আন আন পুথিৰ দৰে একাদশ স্কন্ধও সুললিত ভাষাত ৰচিত৷ উদ্ধৱৰ আগত জ্ঞানযোগ, ক্ৰিয়াযোগ আৰু ভক্তিযোগ নিৰূপণ পৰমাৰ্থ নিৰ্ণয, সম্বাদি গুণৰ বৃত্তি নিৰূপণ, সংখ্যাযোগ কথন, তত্বসম্বন্ধে নানামতৰ বিৰোধ ভঞ্জন, দ্ৰব্যাদিৰ গুণদোষ বিস্তাৰ কথন, মঙ্গল সকলৰ ভেদ নিৰ্ণয, যতিধৰ্ম্ম নিণয়, বৰ্ণাশ্ৰম ধম্ম কথন, মহাবিভৃতি কথন, আণিমাদি অষ্ট সিদ্ধি কথন, সাধনেৰে সৈতে ধ্যানযোগ বৰ্ণন, সাধুসঙ্গ মহিমা আৰু কৰ্ম্মানুষ্ঠান কৰ্ম্মত্যাগৰ বিধি, বন্ধমুক্তাদিৰ লক্ষণ, অষ্ট গুৰুৰ বিষয় বৰ্ণন, নিমি