পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১
দ্বিতীয় আধ্যা।

ঘৰৰপৰা আহি শঙ্কৰদেৱে ৰজাক সাক্ষাত কৰাত শঙ্কৰদেৱৰ পাণ্ডিত্য আৰু ধৰ্ম্মজ্ঞান দেখি ৰজাই তেওঁৰ প্ৰতি ভক্তিযুক্ত হৈ ব্ৰাহ্মণসকলৰ ওপৰত বিৰক্তি প্ৰকাশ কৰিছিল। ইয়াৰ পিছত ৰজা শঙ্কৰদেৱৰ পৰম অনুৰাগী হৈ পৰিছিল।। ৰজাৰ দৰবাৰত ব্ৰাহ্মণসকলৰ ওপৰত শঙ্কৰদেৱে জয় লাভ কৰি পাটবাউসীলৈ উভতি আহিল। ইয়াৰ পিছত নৰনাৰায়ণ ৰজাই শঙ্কৰদেৱক আকৌ এবাৰ কোচবেহাৰলৈ মতাই নিছিল। এইবাৰো শঙ্কৰ দেৱে ৰজাৰ ওচৰত ছমাহ থাকি পাটবাউসীলৈ উভতি আহিল। কিছুদিনৰ পিছত ৰজাই আকৌ মানুহ পঠিয়াই শঙ্কৰদেৱক নিজৰ ওচৰলৈ লৈ গল। এইবাৰ ৰজাই শঙ্কৰদেৱেৰ ওচৰত শৰণ লৈ শিষ্য হবৰ ইচ্ছা প্ৰকাশ কৰাত প্ৰথমতে শঙ্কৰদেৱে অনিচ্ছা প্ৰকাশ কৰাতো ৰজাই নেৰাত তেওঁ সম্মত হৈ ‘আজি ব্ৰতে উপ বাসে থাকক , কাইলৈ যি হয় কৰা যাব” বুলি কৈ বহালৈ উভতি আহিল। পিছদিনা শঙ্কৰদেৱৰ যোৱাত পলম হোৱাত ৰজাই তেওঁক লৈ যাবলৈ দোলা মানুহ পাঠিয়াই দিলে। ৰজাৰ মানুহে দোলা লৈ অহা দেখি শঙ্কৰদেৱে কলে যে “বাৰু যাব লাগে যদি ভালকৈয়ে যাম। ” এই বুলি তেওঁ হাত মুখ ধুই নতুন কাপোৰ পিন্ধি অশ্বষ্ঠ গছৰ তলত যোগাসনত বহি (১) “পাৱে পৰি হৰি, কৰোহোঁ কাতৰি, পাণ ৰখবি মোৰে। বিষয় বিষধৰ বিষে জৰ--

এহি কথা চিলাৰায় দেৱানে শুনিয়া৷
একশত টকাৰ টোপলি দিবোঁ তোক।
আনিলেক শঙ্কৰক দেৱানে শুনিল।
আসিলাহা বাপু বুলি আলিঙ্গি ধৰিল।
তহিতে শঙ্কৰদেৱ হৰিষে ৰহিল।

   

চেঞ্চাই মাসিক চাই বুলি মাতিয়া।
ঝাণ্ট কৰি শঙ্কৰক আনি দেহ মোক।
গৃহহন্তে আথেবেথে ৰজাই আসিল।
সাদৰ কৰিয়া অভ্যন্তৰ লাগি নিল।--
দৈত্যাৰি৷