পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৮
শঙ্কৰদেৱ ।


আদি ভক্তসকলেৰে সৈত শকৰদেৱে হৰিসংকীৰ্ত্তনৰ চলেবে উজনি-আসাম বুৰাই পেলাইছিল। [১] “শঙ্কৰদেৱে ৰত্নাকৰ কন্দলিক[২] প্ৰত্যহ গীতা পাঠ কৰিবলৈ দিয়ে, ব্যাসকলায়ে হৰিধ্বনি কৰি সকলোকে ৰামনাম বোলাই তাৰ অৰ্থ বাখ্যা কৰি দিয়ে। এইদৰে শঙ্কৰে প্ৰচাৰ কৰা হৰিভক্তি মানুহৰ মাজত চলাত পূজা আৰ্চ্চা আদি বামুণীয়া কামত ব্যাঘাত হবলৈ ধৰিলে। সেইদেখি ব্ৰাহ্মণসকলে অসূয়া কৰি শঙ্কৰৰ নামে আহোমৰজা চুহুমুং স্বৰ্গদেৱৰ ওচৰত গোচৰ দিলে। ৰজাৰ ৰচৰত শঙ্কৰদেৱৰ জয় আৰু ব্ৰহ্মণসকলৰ পৰাজয় ঘটিল।

 একালত অসম ৰজাৰ হাতী ধৰিবাৰ মন হল। ৰজাই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ হাতী ধৰিবৰ নিমিত্তে লোকজন পঠিয়ালে। ভূঞাসকলক

হাতী খেদা পাল দিলে। শঙ্কৰৰ বংশীয় ভূঞাসকলে ঘি

  1. ৰাম ৰাম গুৰু ৰামদাস ওজা দুই।
    গগণমণ্ডল চোৰে কীৰ্ত্তনৰ ধ্বনি।
    স্বভাৱে কীৰ্ত্তন ঘোষা পৰম সুন্দৰ।
    তাতে আৰো ঈশ্বৰে আপুনি ভাল ধৰি।
    আগেতে শঙ্কৰদেৱ থাকন্ত সাক্ষাত।

       

    মাধৱে কীৰ্ত্তনকৰে ডাইনা পালী হই॥
    আনন্দ-সাগৰে লোক মজে তাক শুনি॥
    এখনো মিলয় শুনি আনন্দ লোকৰ॥
    গাৱন্ত মহিমা তাৰ কোনে কৈবে পাৰি॥
    মিলে জানা আনন্দ অপৰিমিত তাত॥

    দৈত্যাৰি ঠাকুৰ।

  2. ৰত্নাকৰ কন্দলি পঢ়ন্ত গীতা তয়।
    তাঙ্ক সম গুণ নাই জাতিত ব্ৰাহ্মণ।
    দুই চাৰি শ্লোক গৈলে গীতাৰ নিশ্চয়।
    হে সভাসদ লোক থিৰ কৰি মন।
    এহি বুলি সিটো সবে লোকক শুনাই।
    ওপৰক দুয়ো হাত তুলি উচ্চ কৰি।
    সকলোৱে ঝোট ঝোট কৰে হৰি ৰাৱ।
    কতোক্ষণ ভৈলে কৰি গীতা সম্বৰণ।

       

    বিয়াসকলাই নামে জনেক আছয়॥
    শঙ্কৰদেৱত তেহোঁ লৈয়াছে শৰণ॥
    থিয় হুয়া সিটো সৱ সভাত কহয়॥
    শুনা সাৱধানে ইটো কৃষ্ণৰ বচন॥
    গীতাৰ অৰ্থক কহে সভাত বুজাই॥
    বোলে ঘনে ঘনে সবে বোলা হৰি হৰি॥
    সবাৰো মনত মহা আনন্দ উৎসৱ॥
    হৰিষে কৰন্ত সবে গৃহক গমন॥

    দৈত্যাৰি ঠাকুৰ।