পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪
শঙ্কৰদেৱ।


যোৱা হৰশিঙ্গা বৰাই তেওঁক তেনে অৱস্থাত দেখিবলৈ পাই নাও বগাই তেওঁক সুধি তেওঁৰ বিপদৰ কথা জানিব পাবি, তেওঁক আৰু তেওঁৰ সহধৰ্ম্মিণীক নিজৰ নাৱত তুলি লৈ গৈ আপোনাৰ ঘৰতে যত্ন কৰি ৰাখিলে। হৰশিঙ্গা বৰাৰ ঘৰৰ ওচৰতে লেটেকুপুখুৰী নামে ঠাইত ১৪১১ শকৰ জেঠৰ পূৰ্ণিমা তিথিত ৰবিবাৰে মাধৱ-দেবৰ জন্ম হয়।

 কিছুমান বছৰৰ পিছত বৰকণা গিৰীয়ে নিজৰ স্ত্ৰী আৰু পুত্ৰৰে সৈতে হৰশিঙ্গা বৰাৰ আশ্ৰয় এৰি ঘাঘৰি মাজি নামে এজন তেওঁৰ পুৰণি বন্ধুৰ ঘৰত আশ্ৰয় ললে ঘাঘৰি মাজিৰ ঘৰতে বৰকণা গিৰীৰ উৰ্ব্বশী নামে এটা কন্যা ওপজে, যাক পিছত তেওঁ গয়াপাণি বা ৰামদাসেৰে সৈতে বিয়া দিছিল তেওঁলোক ঘাধৰি মাজিৰ ঘৰত থাকোতেই মাধৱক উত্তৰি আৰু উৰ্ব্বশীক বিয়া দিবৰ হৈছিল দেখি, তাত বৰকণা গিৰীৰ স্বজাতিৰ লোক নথকা বাবে তেওঁ ছোৱালীজনী বিয়া দিবৰ নিমিতে কায়স্থকুলীয়া লৰা বিচাৰি নাৱেৰে টেম্বুৱানিৰ ফালে যাত্ৰা কৰি আছিল। টেম্বুৱানিলৈ আহেঁতে বাটতে বৰকণা গিৰীয়ে ৰতা বা ৰৌতা নামে ঠাইত হোকোৰাকুচি নিবাসী গয়াপাণি নামেৰে কায়স্থকুলীয়া লোক এজন পাই, তেওঁৰ সৈতে উব্বশীক বিয়া দি, জোৱাঁয়েকৰ ঘৰৰ ওচৰতে নিজলৈ ঘৰ সজাই বসতি কৰিলে! তাতে তেওঁ মাধৱকো উপনয়ন দিলে। কিছুমান দিনৰ পিছত জোৱাঁয়েক গয়াপাণিৰ ঘৰতে স্ত্ৰী আৰু কন্যাক থৈ বৰকণাগিৰীয়ে মাধৱক লগত লৈ তেওঁ পুৰণি ঘৰ বাণ্ডুকালৈ উভতি গল। বাণ্ডুকাত তেওঁৰ বৰ পুতেক দামোদৰ আছিল। বহুকালৰ মূৰত দামোদৰে পিতাকৰ পাই, আৰু ন ভায়েক মাধৱক দেখি পৰম আনন্দিত হল, আৰু