পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১
দ্বিতীয় আধ্যা ।

কৰিলে। প্ৰথমতে তেওঁ ভাগৱতৰপৰা সাৰ উদ্ধার কৰি কীৰ্ত্তন পুথি ৰচনা কৰিলে। তাৰ পিছত গীত পদ ভটিমা চপয় আদি কৰিলে [১]

 ৰামৰায়কে আদি কৰি জ্ঞাতিসকলে শঙ্কৰদেৱক কলে যে “আপুনি অনেক তীৰ্থত ভ্ৰমণ কৰি নানাৰকম উৎসৱ দেখি আহিছে, আমাক এটি আমোদজনক উৎসৱ দেখুৱাওক।” এই কথা শুনি ফাগুন মাহৰ পূৰ্ণিমা তিথিত শঙ্কৰদেৱে বৃন্দাবনী গোপালৰ দৌলোৎসৱ কৰি দেখুৱালে। তেতিয়াৰেপৰা আসামত ফল্গুৎসৱ বা ফাকুৱা প্ৰচলিত হল! কীৰ্ত্তন পুথিত ঠাই পোৱা “বঙ্গে ফাকু খেলে চৈতন্য বনমালী। দুই হাতে ফাকুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰি॥” ঘোষা আৰু পদ এই উপলক্ষে ৰচিত হৈছিল।

 জ্ঞাতি বন্ধুসকলৰ অনুৰোধত শঙ্কৰদেৱে চিন্থযাত্ৰা ভাৱনা কৰিছিল। সেই ভাৱনালৈ গোলক-ধামকে আদি কৰি সপ্ত বৈকুণ্ঠৰ নক্সাৰে সৈতে শঙ্কৰে নিজ হাতে সুন্দৰ চিত্ৰপট (Scene) আঁকি দিছিল; যাত্ৰাত বজাবলৈ খোল নামৰ বাদ্য কুমাৰৰ হতুৱাই গঢাহ আৰু মুচিয়াৰৰ হতুৱাই ছোৱাই উলিয়াই দিছিল। আগেয়ে আসামত মৃদঙ্গ হে প্ৰচলিত আছিল, শঙ্কৰদেৱে কপিলীমুখৰ কুমাৰক মতাই আনি খোল গঢ়াবলৈ নমুনা দি কিছুমান

মাটিৰ খোল প্ৰস্তুত কৰালে, আৰু শালমৰা গাৱঁৰ মুচিয়াৰক

  1. বিচাৰ কৰিয়া পাছে ভাগৱত গ্ৰন্থ।
    হৰিত ভকতি আতি কৰিবে প্ৰবন্ধ।
    অনন্তৰে কিছু লোকে ভকতি কৰিল।
    কতো গীত পদ কতো ভটিমা চপয়।

       

     কৰিলন্ত শঙ্কৰে প্ৰকাশ ভক্তিপন্থ॥
    প্ৰথমতে কৰিলন্ত কীৰ্ত্তনৰ ছন্দ॥
    তেবে জানো নানাবিধ ছন্দ নিৰূপিল॥
    কথা শ্লোক আদি কৰিলন্ত মহাশয়॥ ”—
     দৈত্যাৰি ঠাকুৰ ৰচিত গুৰু চৰিত্ৰ।