পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শঙ্কৰদেৱ ।

“বিধৱা সবৰ বন্ধা  অন্নক ভুঞ্জিবোঁ কেনে?
 উত্তম শূদ্ৰৰ বৰ দোষ”

[১]


 ত্ৰিহুতৰ জগদীশ মিশ্ৰ নামে এজন ব্ৰাহ্মণে জগন্নাথৰ আগত শ্ৰীমদ্ভাৱত শাস্ত্ৰ পঢ়ি শুনাবৰ মনেৰে পুৰীলৈ গৈছিল। প্ৰবাদ আছে, ব্ৰাহ্মণে তাতে জগন্নাথৰপৰা স্বপ্লাদেশ পালে যে তেওঁ কামৰূপলৈ গৈ শ্ৰীশঙ্কৰদেৱক ভাগৱত শুনাওক। এই আদেশ মতে ব্ৰাহ্মণে সুধি সুধি দুমাহে আহি টেম্বুৱানি বৰদোৱা পালেহি। শঙ্কৰদেৱ সেই সময়ত তেওঁৰ পেহাক কেতাইখাঁক চাবলৈ কেতাইখাঁৰ নগব গাংমৌলৈ গৈ তাতে তিন দিন আছিল। ব্ৰাহ্মণে শঙ্কৰক বিচাৰি গাংমৌ পাই তাতে শঙ্কৰদেৱৰে সৈতে দেখা কৰি ভাগৱত শাস্ত্ৰ পাঠ কৰি শঙ্কৰদেৱক শুনাবলৈ ধৰিলে! যি দিনাই ভাগৱত শুনোৱা শেষ হল সেই দিনাই ব্ৰাহ্মণৰ তাতে মৃত্যু হল।

সেই ভাগৱত শাস্ত্ৰ শঙ্কৰদেৱে পাই ভক্তিপন্থৰ বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰ

  1. “শ্ৰীযুক্ত জোনাকী সম্পাদক মহাশয় নিবেদন,

     ২য় ভাগ জানাকীত ওলোৱা ৺শ্ৰী শ্ৰীশঙ্কৰদেৱৰ চৰিত্ৰত অনেক অমূলক আৰু অশুদ্ধ কথা আছে। লেখকে ভৱানীপুৰীয়া গোপাল আতাৰ পথাৱলম্বী ৰমানন্দ নামে লোক এজনে ৰচা চৰিত্ৰ পুথি চাই এই চৰিত্ৰ লেখিছে যেন অনুমান হয়। সেই ৰমানন্দ শ্ৰীশঙ্কৰ দেৱৰ পুত্ৰ ৰমানন্দ ঠাকুৰ দেৱ নহয়। তেওঁৰ দ্বাৰায় ৰচিত চৰিত্ৰ সন্ত-সাধুৰ গ্ৰহণীয় নহয় , কাৰণ তাত বহুত যোৰা দিয়া মিছা কথা আছে। কায়স্থ জাতিৰ ভিতৰত বিধৱা গ্ৰহণ কৰা নিয়ম নাই গ্ৰহণ কৰিলে জাত্যন্তৰ হয়। কিন্তু জোনাকীৰ ‘শঙ্কৰ দে”ৱ প্ৰৱন্ধত এনে অসম্ভৱ কথা লেখা হৈছে। জোনাকীত, ডাল পাত নোযোৰোৱা আৰু শুদ্ধ কথা থকাহে বাঞ্ছনীয়, আৰু তেনে হলেহে সি সকলোৰে আদৰণীয় হব। এতেকে আপোনাক এই কথা মীমাংসা কৰিবলৈ জনালোঁ।

    শিৱসাগৰ,
    ১8 জানোৱাৰি,১৮৯৮

    বাধ্য
    দীননাথ শৰ্ম্মা বেজবৰুৱা৷ ”