পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
দ্বিতীয় আধ্যা

শ্ৰীক্ষেত্ৰ পালেগৈ। পুৰীত তেওঁ ব্ৰহ্মপুৰাণৰ আখ্যানমতে ক্ষেত্ৰৰ মাহাত্মা ব্যাখ্যা কৰি আৰু আন আন শাস্ত্ৰবিষয়ত নিজৰ পাণ্ডিত্য প্ৰকাশ কৰি পাণ্ডাসকলৰ শ্ৰদ্ধা ভক্তি আকৰ্ষণ কৰিছিল। শ্ৰী ক্ষেত্ৰত শঙ্কৰদেৱ কিছুদিন থাকি তাৰপৰা বৃন্দাবনলৈ গল। বৃন্দা বনত তেওঁৰে সৈতে ব্ৰাহ্মণসকলৰ বাদ হৈছিল। সেই বাদত শঙ্কৰে ব্ৰাহ্মণসকলক পৰাস্ত কৰি তেওঁলোকৰ সমাদৰ লাভ কৰিছিল। বৃন্দাবনৰপৰা শঙ্কৰ মথুৰা আৰু দ্বাৰকালৈ গৈছিল। দ্বাৰকালৈ যাওঁতে তেওঁৰ লগত ১৭ জন সঙ্গীৰ ভিতৰত দুজন মাথোন গৈছিল। তেওঁলোকৰ নাম সৰ্ব্বজয় আৰু পৰমানন্দ। তাৰপৰা তেওঁ বাৰানসী, প্ৰয়াগ, সীতাকুণ্ড, বৰাহকুণ্ড, উত্তৰবাহিনী গঙ্গা আদি পৰিদৰ্শন কৰি অযোধ্যালৈ গৈছিল। অযোধ্যাৰ পৰা তেওঁ আকৌ বৃন্দাবনলৈ যায়। এইবাৰ তেওঁ বৃন্দাবনত থাকোঁতেই আসামত লেটেকুপুখুৰীত হৰশিঙ্গা বৰাৰ ঘৰত বৰকণাগিৰী বা গোবিন্দৰ এটি পুত্ৰ ওপজে যাৰ নাম মাধৱদেৱ। বৃন্দাবনৰপৰা শঙ্কৰদেৱ বদৰিকাশ্ৰমলৈ যায়। “মন মেৰি ৰাম চৰণহি লাগু” এই গীতটি শঙ্কৰদেৱে বদৰিকাশ্ৰমতে ৰচনা কৰে।

 এইদৰে শঙ্কৰদেৱে নানা তীৰ্থভ্ৰমণ কৰি বাৰ বছৰৰ মূৰত নিজৰ ঘৰ আলিপুখুৰীলৈ উভতি আহে। চৰিত্ৰ-পুথিত আছে যে শঙ্কৰদেৱ ইমান দিনৰ মূৰত ঘৰলৈ উভতি অহা শুনি তেওঁৰ বুঢ়ীমাক খেৰশুতীয়ে তেওঁক চাবলৈ উধাতুথাই ওলাই আহোঁতে খাটৰ খুৰাত উজুটি খাই পৰি তেওঁৰ ভৰিত ঘা লাগি বৰকৈ তেজ ওলাইছিল।—

“আসিল শঙ্কৰবৰ শুনি বুঢ়ী আই।
দিলা বেগে খাটত পৰিলা জুটি খাই॥